লখিমপুৰঃ মহামাৰী কৰোনা ভাইৰাছে সংহাৰ চলোৱা লখিমপুৰ জিলাত কৰোনা যোদ্ধাই স্বাস্থ্য বিভাগৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদী কাৰ্য্যসূচী।
অতিৰিক্ত উপায়ুক্ত গীতালী দুৱৰা দেউৰীয়ে ১৭জন কোভিড যুদ্ধাৰ এদিনৰ দৰমহা কৰ্তনৰ নিৰ্দেশ দিয়াৰ পিছতে জাঙোৰ খাই উঠিছে স্বাস্থ্যকৰ্মী সকল ৷
সোমবাৰে যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষুভ প্ৰদৰ্শন কৰি হুংকাৰ প্ৰদান কৰিছে স্বাস্থ্যকৰ্মী সকলে৷
যোৱা ১৭ জুলাইত অতিৰিক্ত উপায়ুক্ত গীতালী দুৱৰা দেউৰীয়ে তাৎক্ষণিক ভাবে বিহপুৰীয়া আৰু নাওবৈচা স্বাস্থ্য খণ্ড পৰিদৰ্শন কৰি Attendence register পৰীক্ষা কৰি মুঠ ১৭জন MPW,SW আৰু ফিল্ড ৱৰ্কাৰলৈ আক্ৰোশমূলক ভাবে কাৰণ দৰ্শোৱা জাননী দি এদিনৰ দৰমহা কৰ্তনৰ নিৰ্দেশ দিয়ে ৷
আৰু পঢ়কঃছিপাঝাৰত ৱেব মিডিয়া ফ’ৰাম গঠন
স্বাস্থ্যকৰ্মী সকলৰ মতে দায়িত্বৰ খাতিৰত সেইদিনা প্ৰতিষেধক প্ৰদান কেন্দ্ৰ ,ৰেপিড টেষ্ট আৰু ক’ভিড কেয়াৰ চেন্টাৰত কৰ্মীসকল ব্যস্ত আছিল ৷
অতিৰিক্ত উপায়ুক্ত গীতালী দোৱৰাই কোনো বিচাৰ বিবেচনা নকৰাকৈ লোৱা এই সিদ্ধান্তত ক্ষুন্নহৈ পৰিছে জিলা খনৰ সকলো MPW,SW আৰু BSW কৰ্মী সকল ৷
এই সিদ্ধান্ত বাতিল নকৰিলে কৰোনা যুদ্ধ এৰি আন্দোলনৰ হুংকাৰ দিছে কৰ্মী সকলে ৷
উল্লেখযোগ্য যে কৰোনা প্ৰতিৰোধী সংগ্ৰামখনত এই কৰ্মী সকলেই সমুখৰ পৰা যুদ্ধ কৰি আছে৷