পল্লব মিলি, লখিমপুৰঃ লখিমপুৰত ৰাইজৰ দলৰ নেতা-কৰ্মীৰ অৱস্থান ধৰ্মঘট। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তিৰ দিনাই লখিমপুৰত চৰকাৰৰ বিৰুদ্ধে এনেদৰে ক্ষোভ উজাৰিলে ৰাইজৰ দলে। 

মূল্যবৃদ্ধি হ্ৰাস কৰক, বিজেপি চৰকাৰ হায় হায় আদি শ্লোগানেৰে প্ৰতিবাদত বহিল ৰাইজৰ দল। মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি চৰকাৰক তীব্র সমালোচনা কৰে প্ৰতিবাদকাৰীসকলে। লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট আৰু ধৰ্ণাৰে সৃষ্টি কৰে উত্তাল পৰিবেশ।

মিথ্যাচাৰেৰে চৰকাৰৰ গঠন কৰি জনসাধাৰণক মূল্য বৃদ্ধিৰে মাধমাৰ দিয়া কেন্দ্র আৰু ৰাজ্য চৰকাৰ বুলিও কয় প্ৰতিবাদকাৰীসকলে। চৰকাৰৰ এনে জনবিৰোধী নীতিৰ বাবে প্ৰৱল সংগ্রাম কৰিবলৈ সকলো ৰাইজক ওলাই অহাৰ আহ্বান জনাই ৰাইজৰ দলে। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,481 other subscribers

Leave a comment

Leave a Reply Cancel reply