লখিমপুৰ,পল্লৱ মিলিঃ ‘বৰ্তমান অসমত যি বিজেপি চৰকাৰ আছে সেইয়া আচল বিজেপি নহয়,ভেজাল বিজেপি। আচল বিজেপিক আজি দেখাওক।ৰাজেন গোঁহাইক বা ৰমেন ডেকাক মন্ত্ৰী পাতি দেখাওক। যিসকল মূল বিজেপি সেইসকল নাপাত্তা হৈ গ’ল। বিজেপি কেৱল শ্ল’গানৰহে বিশেষজ্ঞ। ‘ দেওবাৰে লখিমপুৰ জিলাৰ বগলীজান গাঁৱত অনুষ্ঠিত হোৱা অসম তৃণমূল কংগ্ৰেছৰ দ্বিতীয়টো যোগদান কাৰ্য্যসূচীত উপস্থিত হৈ ৰিপুন বৰাই বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে।
আলফাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচৰা মন্ত্ৰী সঞ্জয় কিশাণক গ্ৰেপ্তাৰৰ দাবীও জনালে ৰিপুন বৰাই । ৰিপুন বৰাই কয় অসমত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এখন গণতান্ত্ৰিক চৰকাৰ আছে নে আলফাৰ চৰকাৰ আছে সন্দেহ হৈছে।কিয়নো যদি এটা নিষিদ্ধ ঘোষিত সংগঠনৰ ভাবুকিত যদি গণতান্ত্ৰিকভাৱে সাংবিধানিক ৰক্ষা কৱচ পোৱা গণতান্ত্ৰিকভাৱে নিৰ্বাচিত এজন মন্ত্ৰীয়ে নিষিদ্ধ ঘোষিত সংগঠনৰ ওচৰত যদি আঠু ল’বলগীয়া হয়।তেতিয়া হ’লে এইখন গণতান্ত্ৰিক চৰকাৰ নে আলফাৰ চৰকাৰ ৰাইজৰ মনত স্বাভাৱিকতে সন্দেহ ওপজিছে। যদি কোনো ছাত্ৰ-ছাত্ৰীয়ে আলফাৰ প্ৰতি সহানুভূতি জন্মাই ফেচবুকত এটা প’ষ্ট লিখে তেতিয়াহ’লে সেই ছাত্ৰ-ছাত্ৰীত তৎক্ষণাত গ্ৰেপ্তাৰ কৰি জেইলত ভৰোৱা হয়। তেনেস্থলত যেতিয়া এজন মন্ত্ৰীয়ে আলফাক ক্ষমা খোজাৰ পিছতো মুখ্যমন্ত্ৰীয়ে তেওঁক বৰ্খাস্ত কৰাতো দূৰৈৰ কথা এতিয়ালৈকে কিয় গ্ৰেপ্তাৰ কৰা নাই সেইটোহে আচৰিত কথা।
উল্লেখ্য যে, দেওবাৰে লখিমপুৰত অনুষ্ঠিত হোৱা তৃণমূল কংগ্ৰেছৰ যোগদান কাৰ্যসূচীত তিনি শতাধিক লোকে বিভিন্ন দল সংগঠনৰ পৰা অসম তৃণমূল কংগ্ৰেছত যোগদান কৰে । আমছুৰ প্ৰাক্তন উপ-সভাপতি ৰমজান আলীয়েও তৃণমূল কংগ্ৰেছত যোগদান কৰে।
কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছৰ অসম প্ৰদেশৰ সভাপতিৰ দায়িত্ব লোৱাৰ পিছৰে পৰা ৰিপুন বৰাই তৃণমূলৰ ভেটি মজবুত কৰাত গুৰুত্ব আৰোপ কৰি ৰাজ্যজুৰি ব্যাপক তৎপৰতা আৰম্ভ কৰিছে। ৰাইজৰ তৃণমূল কংগ্ৰেছৰ প্ৰতি স্বতঃস্ফূৰ্ত সহাৰিত অতি অভিভূত হৈ পৰা বুলিও মন্তব্য কৰে তৃণমূল কংগ্ৰেছৰ অসম প্ৰদেশৰ সভাপতি ৰিপুন বৰাই ।