লখিমপুৰৰ ঘূণাসুঁতিত পথ নিৰ্মাণত দুৰ্নীতি হোৱাৰ অভিযোগ তুলি ৰাইজে নিৰ্মাণৰ কাম বন্ধ কৰে।
কোটি টকীয়া গড়কাপ্তানিৰ পথ নিৰ্মাণত দুৰ্নীতি হোৱাৰ অভিযোগ ৰাইজৰ। ঘূণাসুঁতি-দৰগে সংযোগী প্ৰায় ৮ কিলোমিটাৰ পথ নিৰ্মাণত এই দুৰ্নীতি হৈছে। ললিত আগৰৱালা নামৰ ঠিকাদাৰজনে নিৰ্মাণ কৰি আছে পথটো। ঘূণাসুঁতিৰ ৰাইজে দুৰ্নীতিৰ উমান পোৱাত অনিৰ্দিষ্ট কাললৈ বন্ধ কৰিলে পথ নিৰ্মাণৰ কাম।
ৰাজ্যিক স্ব: উন্নয়ন প্ৰাধান্য পূঁজি SCSP 2021-22 বৰ্ষৰ অধীনত ৯১১.২৯ কোটি টকাৰে নিৰ্মাণ হৈ থকা ঘূনাসুঁতি তিনিআলিৰ পৰা নামনি দৰগে সংযোগী ৮,১০ কিলোমিটাৰ পথত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি।
উক্ত পথটো নিৰ্মাণত ললিত আগৰৱালা নামৰ ঠিকাদাৰ জনে যেনেদৰে নিৰ্মান কৰিব লাগিছিল তেনেদৰে নকৰাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজৰ লগতে দল সংগঠনে। এই পথটো নিৰ্মাণৰ ক্ষেত্ৰত অতি নিম্ন মানদণ্ডৰে শিল বালি মাটি আদি দি নিৰ্মান কৰা হৈছে বুলি জানিব পৰা গৈছে ।
ললিত আগৰৱালা নামৰ ঠিকাদাৰ জনক দুৰ্নীতি হোৱাত আলোচনা কৰিবলৈ ৰাইজে মাতিছিল তেওঁ পলাই যোৱাৰো অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজৰ লগতে দল সংগঠনে।আজি সহকাৰী অভিযন্তা সত্য সন্দিকৈয়ে এই স্থানত উপস্থিত হৈ দুৰ্নীতি হোৱাটো সত্য বুলি স্বীকাৰোক্তি কৰে।
লগতে পঢ়ক- আৰ এছ এছৰ পথ সঞ্চলন কাৰ্যসূচীত মন্ত্ৰী-বিধায়কৰ অংশগ্ৰহন
স্থানীয় ৰাইজে জানিবলৈ অনুসৰি এই পথতো নিৰ্মান হোৱাৰ ক্ষেত্ৰত যেনেদৰে পানী দি ৰুলাৰ মাৰি ফলা শিলবোৰ দিব লাগিছিল তেনেদৰে নিৰ্মান নকৰাকৈ ইটা লগোৱাৰ বাবে বন্ধ কৰি পুনৰ নিৰ্মাণৰ দাবী জনায় ঘূণাসুঁতি বাসী ৰাইজে।
তাৰ পিছতে এই পথটোত পুনৰ ফলা শিল দি নিৰ্মান কৰিবলৈ দিয়া হব বুলি সহকাৰী অভিযন্তা সত্য সন্দিকৈয়ে সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰাৰ লগতে কামটো বেয়া হোৱাৰ স্বীকাৰ কৰা পৰিলক্ষিত হয়।
তেওঁ সঠিক ৰূপত কাম কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰতিশ্ৰুতি দিয়ে ।ললিত আগৰৱালা নামৰ ঠিকাদাৰ জন স্থানীয় সাংসদৰ মানুহ হোৱাৰ বাবে অবাধ গতিত দুৰ্নীতি চলাব পাৰিছে বুলি ৰাইজে অভিযোগ কৰে।