লখিমপুৰঃ লখিমপুৰত প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণক লৈ ৰাইজৰ মাজত তীব্ৰ অসন্তুষ্টি।
দীর্ঘ দিনীয়া আবেদন নিবেদনৰ পিছত দেবেৰা চিৰিং গাঁৱৰ ৰাইজে লাভ কৰিছিল প্রধানমন্ত্ৰীৰ গ্ৰাম চড়ক যোজনাৰ এটা পকী পথ।
প্রধানমন্ত্ৰীৰ গ্ৰাম চড়ক যোজনাৰ অধীনত প্ৰায় ৮ কোটি ৭১ লাখ টকা ব্যয়েৰে উত্তৰ লখিমপুৰ শিৱমন্দিৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা চিৰিংচুক দেবেৰা গাওঁ হৈ এঙাৰখোৱা সংযোগী পথটিৰ নিৰ্ম্মাণৰ দ্বায়িত্ব লাভ কৰিছিল জনৈক পাটোৱাৰী উপাধিৰ ঠিকাদাৰে।
লগতে পঢ়কঃযোৰহাটত কৰ্কট ৰোগৰ সজাগতা সভা
কিন্তু পথটি নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ পিছতে ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্র প্ৰতিক্ৰিয়াৰ ।
৬.৩৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো নিৰ্মাণৰ ক্ষেত্ৰত সংশ্লিষ্ট ঠিকাদাৰে বিভাগীয় প্রাককলন অনুসৰি পথটো নিৰ্মাণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।
ইপিনে পথচোৱা নিৰ্মাণৰ পিছতে ঠায়ে ঠায়ে ফাট মেলা পৰিলক্ষিত হৈছে।
এই সন্দৰ্ভত সোণাৰি চিৰিংচুক গাঁৱৰ ৰাইজে বিভাগীয় কাৰ্যবাহী অভিযন্তাৰ ওচৰত আবেদন দাখিল কৰিছে যদিও বিভাগৰ কোনো এগৰাকী বিষয়াই নিৰ্মাণ কাৰ্য পৰিদৰ্শন নকৰাত ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে।