লখিমপুৰ : নৈশ সান্ধ্য আইনৰ মাজতে লখিমপুৰৰ কুলাবালিত চাঞ্চল্যকৰ ডকাইতিকাণ্ড। পুৱতি নিশাৰ ভাগত সংঘটিত হয় এই ডকাইতিকাণ্ড। দেওবাৰে পুৱা পোহৰলৈ আহে ঘটনা। বিলাসী গাড়ীত আহিছিল ৯ জনীয়া ডকাইতৰ দল।

মুখমণ্ডল কাপোৰেৰে ঢকা ডকাইটৰ এটা দলে বৃদ্ধা দম্পত্তীক গামোচাৰে বান্ধি, প্ৰহাৰ কৰি লুটি নিলে নগদ ধনসহ আ-অলংকাৰ। পুৱতি নিশা তিনি বজাত সংঘটিত হয় এই ডকাইটি কাণ্ড।

লগতে পঢ়ক : সৰ্বানন্দ সোণোৱালে এতিয়া আশীৰ্বাদ যাত্ৰাৰ সলনি ৰাইজৰ সেৱাহে কৰিব লাগিছিল : ভূপেন কুমাৰ বৰা

তিনিখন বিলাসী গাড়ী লৈ ৯ জনীয়া ডকাইটৰ দলে কুলাবালিৰ নিবাসী পৰমা মহন্তৰ ঘৰত প্ৰৱেশ কৰি ধন, সম্পত্তি বিচাৰি লণ্ডভণ্ড কৰে ঘৰৰ আঁচবাব। সমগ্ৰ অঞ্চলজুৰি ডকাইতিকাণ্ডক লৈ বিৰাজ কৰিছে চাঞ্চল্যৰ। ঘটনাৰ সন্দৰ্ভত বগীনদী আৰক্ষীৰ তদন্ত আৰম্ভ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply