লখিমপুৰঃ আলফা -চৰকাৰৰ আলোচনাত প্ৰয়োজন হ’লে সহায় কৰিব বীৰ লাচিত সেনাই।

বৃহস্পতিবাৰে লখিমপুৰত আলফাৰ সেনা প্ৰধান পৰেশ বৰুৱাক আলোচনালৈ আহ্বান জনাই এই ক্ষেত্রত প্ৰয়োজন হ’লে বীৰ লাচিত সেনাই সহায় কৰিব বুলি মন্তব্য কৰে বীৰ লাচিত সেনাৰ কেন্দ্রীয় মুখ্য সাংগঠনিক সম্পাদক শৃংখল চলিহাই।

লখিমপুৰত এটা পথ উদ্বোধনৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি সাংবাদিকৰে হোৱা বাৰ্তালাপত শৃংখল চলিহাই পৰেশ বৰুৱাক আলোচনালৈ আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

লগতে পঢ়কঃউৎকোচ লৈ পুনৰ এজন চৰকাৰী কৰ্মচাৰী গ্ৰেপ্তাৰ

আলোচনাপন্থী আলফাৰে আলোচনা কৰাত চৰকাৰৰ সদিচ্ছা নাই বুলি উল্লেখ কৰি শৃংখল চলিহাই কয় যে যেতিয়ালৈকে আলোচনা নহ’ব তেতিয়ালৈকে আলফালৈ যুৱক -যুৱতী গৈয়েই থাকিব।

বড়ো ভাই সকলৰ দৰে আলোচনা লৈ আহি পৰেশ বৰুৱাক প্ৰাপ্য আজুৰি আনিবলৈও তেওঁ পৰেশ বৰুৱাক আহ্বান জনায়।

অসমীয়া ভাষাৰ ওপৰত হোৱা আক্রমণ সহ্য কৰা নহ’ব বুলি পুনৰ হুংকাৰ দি তেওঁ কয় আমাৰ ভাষাৰ ওপৰত আক্ৰমণ হলে প্ৰত্যাক্ৰমণ কৰা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply