লখিমপুৰঃ লখিমপুৰৰ বগীনদীৰ গাগলডুবি সৰ্বোদয় চকুৰ ৰাইজে উলহ-মালহেৰে উদযাপন কৰিছে বিহু উৰুৱা অনুষ্ঠান। অসমৰ অন্যতম জনজাতি জনগোষ্ঠি সোনোৱাল কছাৰী সকলৰ সাত বিহু সামৰণিৰ পাছতে বিহু উৰুৱা অনুষ্ঠানটি উদযাপন কৰা হয়।
পৰম্পৰা অনুসৰি গাওঁখনৰ এটা মূৰৰ পৰা কলপাত চিৰিলি-চিৰিলি ফালি বহুৱা সজাই আনটো দিশলৈ নি বিহু সামৰণি মাৰে। জনবিশ্বাস অনুসৰি বহুৱা বা বিহু উৰুৱা অনুষ্ঠানৰ জৰিয়তে গাওঁখনৰ অপায়-অমঙ্গল আঁতৰোৱাৰ বাবে প্ৰাৰ্থনা জনায়।
এই অনুষ্ঠানত গাওঁখনৰ ডেকা-গাভৰু, বৃদ্ধ-বৃদ্ধা সকলোৱে আনন্দৰ মাজতে এই অনুষ্ঠানটিৰ জৰিয়তে বিহু সামৰণি পেলায়।