পল্লৱ মিলি, লখিমপুৰ: এতিয়াও ৰাজ্যৰ একাংশ স্থানত অব্যাহত আছে তীব্ৰ খহনীয়া। যাৰ ফলত কোটি কোটি টকীয়া জিঅ’ বেগ সমূহ বিলীন হৈছে নদীৰ বুকুত। ৰাজ্যৰ আন প্ৰান্তৰ লগতে লখিমপুৰতো একেই পৰিৱেশ।
জিলাখনৰ ভীমপৰা মথাউৰিৰ ৩৫ কিলোমিটাৰ অংশত সোৱণশিৰি নৈৰ তীব্ৰ খনীয়াৰ ফলত নদীখনৰ বুকুত বিলীন হৈছে নিৰ্মীয়মান ১০ কোটি টকীয়া জিঅ’ বেগ। লখিমপুৰ জিলাৰ তেলাহী উন্নয়ন খণ্ডৰ অধিনত সোৱণশিৰি নৈৰ পাৰৰ ভীমপৰা মাথাউৰিৰ ৩৫ কিলোমিটাৰ অংশত সোৱণশিৰি নৈখনৰ তীব্ৰ খহনীয়া অব্যাহত আছে।
সোৱণশিৰি নৈৰ খহনীয়া ৰোধৰ বাবে আৱন্তন হোৱা ১০ কোটি টকীয়া জিঅ’ বেগৰ নিৰ্মাণ কাৰ্য লেহেমীয়া গতিত হোৱাৰ বাবে তথা ঠিকাদাৰ গৰাকীয়ে নিম্নমানৰ সামগ্ৰী প্ৰয়োগ কৰাৰ বাবে চৰকাৰী ধন এনেদৰে অপচয় হোৱাৰ লগতে নৈখনে তীব্ৰ ৰূপ ধাৰণ কৰি খহনীয়া অব্যাহত ৰখাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।