লখিমপুৰৰ ভিন্ন ঠাইত এতিয়া চোৰৰ দপদপনি। নিশা দুৱাৰ ভাঙি চোৰে লুটিনিলে সোণৰ অলংকাৰ নগদ ধন ।
লখিমপুৰ নগৰৰ বৰমুড়ীয়াৰ গুণজিত বৰুৱাৰ ঘৰত চোৰে চলালে এই অভিযান।
পৰিয়ালটোৰ মতে চোৰে লুটি নিলে ৩ লাখ টকাৰ সোণৰ গহনা আৰু নগদ ধন চাৰিহাজাৰ ।
গাওঁখনত ইয়াৰ পৃৰ্বেও বহুজনৰ ঘৰত চোৰে চলাই আহিছে লুটপাত ।
আৰক্ষীক জনোৱা হৈছে যদিও চোৰৰ অনুসন্ধানত আৰক্ষীৰ চলাই থকা অভিযানে কেতিয়াকৈ সফলতা পাই সেইটোহে গুৰুত্বপূৰ্ণ বিষয়।
লখিমপুৰত চোৰৰ সন্ত্ৰাস, লুটি নিলে ৩ লক্ষ্যাধিক মূল্যৰ অলংকাৰ
আৰক্ষীক গোচৰ দিয়া হৈছে যদিও চোৰক ধৰিবলৈ সক্ষম হ’বনে সিও এটা ডাঙৰ প্ৰশ্ন
