লখিমপুৰঃ লখিমপুৰত দিনক বৃদ্ধি হৈছে চুৰি কাণ্ডৰ ঘটনা। দেওবাৰে নিশা লখিমপুৰ ASTCত চোৰে তলা ভাঙি লুটপাট চলালে তিনিখনকৈ দোকান। চোৰে লুটি নিলে নগদ ধন, দোকানৰ সা-সামগ্ৰী। ASTCত নৈশ চকীদাৰ থকাৰ পিছতো চুৰিকাণ্ড কেনেকৈ সংঘটিত হ’ল এইলৈ সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়া। নৈশ চকীদাৰৰ গাফিলতিৰ বাবেই চুৰিকাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।
লখিমপুৰ ASTCৰ পৰা উত্তৰ লখিমপুৰ সদৰ থানা, আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ মাত্ৰ কেই মিটাৰমানহে দূৰত্ব। তাৰ পিছতো লখিমপুৰ নগৰৰ মাজমজিয়াত সংঘটিত হৈছে চুৰি কাণ্ডৰ ঘটনা। নিশা আৰক্ষীৰ চকুত ধূলি দি সংঘটিত হোৱা এই চুৰিকাণ্ডই আৰক্ষী কৰ্তব্যৰ প্ৰতিও সন্দেহ সচেতন লোকৰ।