পল্লব মিলি, লখিমপুৰঃ অসম বুক অৱ ৰেকৰ্ডছত নাম অন্তর্ভুক্ত হ’ল লখিমপুৰৰ তিনি বছৰীয়া নাইছাৰ। দুহাতত ৰং সানি সৃষ্টিশীলতাৰ সোপানৰে কণমানি নাইছা।

লখিমপুৰৰ প্ৰয়াত মানৱ দৰদী বিশিষ্ট চিকিৎসক নোমল চন্দ্র দাসৰ পুত্র চৌখাম নিবাসী বিশিষ্ট চিকিৎসক দম্পতি ডাঃনিশান্ত ৰাজ কাকতি আৰু ডাঃ চৰিতা ৰায়ৰ তিনি বছৰীয়া কন্যা নাইছাই পখিলা খেদাৰ বয়স নৌহওঁতেই দুহাতত ৰং সানি মগ্ন হৈছিল সৃষ্টি শীলতাত।

এবছৰ বয়সৰ পৰাই ৰঙৰ সৈতে খেলিবলৈ আগ্ৰহ প্ৰকাশ কৰা নাইছাৰ কোমল দুহাত ৰঙীন কৰিবলৈ ৰং তুলি দিছিল পিতৃ-মাতৃয়ে। ৰঙেৰে উমলি জামলি নাইছাই শিশু কোমল অনুভূতিৰে আঢ়ৈ বছৰৰ ভিতৰত আকিলে ভালেখিনি ছবি।

পিতৃ-মাতৃয়ে এই ছবি সমূহ জমা কৰি এখন ইলাষ্ট্ৰেচন বুক প্ৰকাশ কৰি উলিয়ালে আৰু অসম বুক অৱ ৰেকৰ্ডছত নাম অন্তর্ভুক্ত হ’ল কণমানি নাইছাৰ। লখিমপুৰৰ ভেলীভিউ স্কুলৰ নাৰ্চাৰীত পঢ়া কণমানি নাইছাৰ এনে সৃষ্টি শীলতাৰ অংকুৰিত বীজৰ স্বীকৃতিত সকলো বিমুগ্ধ হৈ শুভাৰ্শীষেৰে উপচাই দিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply