লখিমপুৰ, পল্লব মিলিঃ “মাত্ৰ এখন পৃথিৱী, বহনক্ষম আৰু সেউজ জীৱন ধাৰণৰ উদ্দেশ্যে” বাণী লৈ প্ৰকৃতি প্ৰেমী, স্বেচ্ছাসেৱী সংগঠন দুলুং সোৱনশিৰি কনজাৰভেচন ছচাইটিৰ উদ্যোগত বিশ্ব পৰিবেশ দিৱস পালন কৰা হয় লখিমপুৰত।

বিগত বৰ্ষ সমূহৰ দৰে লখিমপুৰৰ অগ্ৰণী প্ৰকৃতি প্ৰেমী স্বেচ্ছাসেৱী সংগঠন দুলুং সোৱণশিৰি কনজাৰভেচন ছচাইটিয়ে সমগ্ৰ বিশ্বৰ লগতে লখিমপুৰ জিলাৰ বিভিন্ন স্থানত গছপুলি ৰোপনেৰে পালন কৰে বিশ্ব পৰিবেশ দিৱস।

কাৰ্যসূচী অনুসৰি পুৱাৰ পৰাই বগীনদী উচ্চ মাধ্যমিক বিদ্যালয়, বগীনদী নগৰ উচ্চ মাধ্যমিক বিদ্যালয়, লালপানী উচ্চ মাধ্যমিক বিদ্যালয়, বগীনদী উচ্চতৰ মাধ্যমিক বিদ্যালয়, গাগলডুবি জনজাতি উচ্চ মাধ্যমিক বিদ্যালয় আৰু পানীগাঁৱ উন্নয়ন সমিতিৰ উদ্যোগত পানীগাঁৱ মূল চাৰিআলিৰ পৰা চিকিৎসালয়ৰ পথচোৱাত গছপুলি ৰোপনেৰে বিশ্ব পৰিবেশ দিৱস উদযাপন কৰে।

ইয়াৰ সমান্তৰালকৈয়ে বিশ্ব পৰিবেশ দিৱসৰ প্ৰতি সংগতি ৰাখি “মাত্ৰ এখন পৃথিৱী, বহনক্ষম আৰু সেউজ জীৱন ধাৰণৰ উদ্দেশ্যে” শীৰ্ষক আলোচনা চক্ৰও অনুষ্ঠিত কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply