লখিমপুৰঃ লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱত জুবিনৰ বিহুৰ অনুষ্ঠানৰ নামত একাংশ দৰ্শকৰ অতপালি। জুবিন গাৰ্গৰ গীতৰ অনুষ্ঠানৰ মাজতে একাংশ উন্মত্ত দৰ্শকে ভাঙিলে বেৰিকেড। মঞ্চলৈ দলিয়ালে শিল, পানীৰ বটল, জোতা-চেণ্ডেল। অৱশেষত বহু সময় ধৰি গীত পৰিবেশন বন্ধ কৰি ৰাখিলে জুবিনে। বাৰে বাৰে দৰ্শকক শান্তি সম্প্ৰতি বৰ্তাই ৰাখিবলৈ আহ্বান জনোৱাৰ পিছতো বন্ধ নহ’ল দৰ্শকৰ অতপালি।

অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী- নিৰাপত্তাৰক্ষীয়ে লাঠিচালনা কৰিবলৈ বাধ্য হয়। পৰৱৰ্তী সময়ত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে। জুবিনৰ গীতৰ অনুষ্ঠান শেষ হোৱাৰ পিছতে জোতা, চেণ্ডেল বিচাৰি দৰ্শকৰ হাহাকাৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply