YouTube Poster

লখিমপুৰ : লখিমপুৰৰ ৰাজপথৰ এক হৃদয় বিদাৰক দৃশ্য। এগৰাকী অসহায় যুৱতীৰ লখিমপুৰৰ ৰাজপথত জীয়াই থকাৰ সংগ্ৰাম।অসুস্থ বৃদ্ধা মাতৃক পিঠিত বান্ধি ৰাজপথত জীৱন যুদ্ধ চলাইছে এগৰাকী অসহায় যুৱতীয়ে।

লখিমপুৰ নগৰৰ এটা ভাড়াঘৰত অকলশৰীয়াকৈ বাস কৰে মাতৃ-কন্যাই। পেৰালাইছিছত আক্ৰান্ত বৃদ্ধা মাতৃক চোৱা-চিতা আৰু আৰ্থিক দৈন্যতাৰ বাবেই জোনালী বৰা নামৰ এই গৰাকী যুৱতীয়ে এৰিবলগীয়া হৈছে পঢ়া-শুনা।

এসাঁজ খালে, আন সাঁজৰ দুঃচিন্তাত উজাগৰে নিশা পাৰ কৰা জোনালী বৰাই অকলশৰীয়াকৈ অসুস্থ বৃদ্ধা মাতৃক এৰি যাব নোৱাৰে ভাড়াঘৰত। সেয়ে বৃদ্ধা মাতৃক পিঠিত বান্ধি লৈ লখিমপুৰ নগৰৰ অলিয়ে-গলিয়ে সহায়-ভিক্ষা খুজি এইগৰাকী যুৱতীয়ে চলাই গৈছে জীৱন সংগ্রাম।

লগতে পঢ়ক : তেজপুৰত কৰোনা ভেকচিনৰ অভাৱত ৰাইজৰ মাজত হাহাঁকাৰ

লখিমপুৰৰ ৰাজপথত এইদৰে ঘূৰি-ফুৰা এই মাতৃ-কন্যাৰ জীৱন সংগ্ৰামৰ কৰুণ দৃশ্য দেখি বহু হৃদয়বান লোক ওলাই আহি সহায়ৰ হাত আগবঢ়াই। বিগত এবছৰ ধৰি যুৱতী গৰাকীৰ মাতৃৰ এই অৱস্থা। মাতৃৰ চিকিৎসাৰ বাবে যুৱতী গৰাকীয়ে এইদৰে ৰাজপথত ওলাই আহি ৰাইজৰ সহায় ভিক্ষা বিচাৰি থকা দৃশ্য প্ৰতিদিনে পৰিলক্ষিত হয় লখিমপুৰৰ ৰাজপথত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply