লক্ষীপুৰঃ গোৱালপাৰাৰ লক্ষীপুৰত অঘটন। বনৰীয়া হাতীৰ গছকত প্ৰাণ গ’ল এজনৰ।

নিহত লোকজনৰ নাম ডিম্বৰ আলী।

হাতীৰ জাকটোৱে উক্ত অঞ্চলত সন্ত্ৰাস চলোৱাৰ সময়তে হাতী খেদিবলৈ ওলাই আহিছিল স্থানীয় ৰাইজ।

তেনে সময়তে হাতীৰ জাকটোৰ পৰা এটা হাতীয়ে আক্ৰমণ কৰিবলৈ চোঁচা লৈ আহে ৰাইজৰ ফালে।

ডিম্বৰ আলীক হাতীটোৱে শুৰেৰে মেৰিয়াই টানি লৈ আহি মাটিত আচাৰি হত্যা কৰে।

হাতী জাকটোৱো অঞ্চলটোৰ খেতি পথাৰৰো ক্ষতিগ্ৰস্থ কৰে।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি বনৰীয়া হাতীৰ জাকে লক্ষীপুৰৰ সমীপৱৰ্তী সমগ্ৰ অঞ্চলজুৰি সন্ত্ৰাস চলাই আহিছে।

এই সন্দৰ্ভত বনবিভাগক অৱগত কৰাৰ পিছতো বনবিভাগে কোনো কাণসাৰ নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply