নিউজ ডেস্ক: আজিৰে পৰা আৰম্ভ হ’ল ৰমজানৰ ৰোজা । মাহজোৰা ৰোজাৰ অন্তত ঈদৰ আয়োজন। এই শুভ উৎসৱটো বুধবাৰৰ পৰা অসমত আৰম্ভ হৈছে। এই পবিত্ৰ মাহত, মুছলমানসকলে ৩০ দিনৰ বাবে উপবাস পালন কৰে আৰু আল্লাৰ নামত আধ্যাত্মিকভাৱে নিজকে নিয়োজিত কৰে। তেওঁলোকে দিনত মাত্ৰ দুবাৰ কৈ ৰাতিপুৱা (চেহৰি) আৰু সন্ধিয়াৰ পিছত (ইফতাৰ) খায়।

ৰমজানৰ ৰোজাৰ বাবেই গুৱাহাটীলৈ আহিছে উত্তৰপ্ৰদেশৰ বিখ্যাত ‘লক্ষ্ণৌ কা চিকেন বিৰিয়ানী’ । প্ৰতিবছৰৰ দৰে এইবাৰো মহম্মদ হানিফৰ নেতৃত্বত গুৱাহাটীলৈ আহিছে ১৫-১৬ জনীয়া এটা দল । অহা এমাহ ধৰি চিকেনৰ বিভিন্ন আইটেমৰ লগতে বিভিন্ন খাদ্য প্ৰস্তুত কৰি বিক্ৰী কৰিছে তেওলোকে । বিশেষ ভাবে প্ৰস্তুত কৰিছে অতি সোৱাদ যুক্ত ডেৰ কেজি ওজনৰ পৰঠা । মাছখোৱা মছজিদৰ আশেপাশে দুখনকৈ দোকান খুলি খাদ্য সামগ্ৰীসমূহ বিক্ৰী কৰিছে।

কেঁচামাল সমূহ গুৱাহাটীতেই কিনিছে যদিও ইয়াত ব্যবহাৰ কৰা বিভিন্ন মছলা সমূহ তেওলোকে লক্ষ্ণৌৰ পৰাই লৈ আহিছে । চিকেন বিৰিয়ানী, চিকেন ফ্ৰাই, চিকেন ৰোষ্ট, লক্ষ্ণৌৰ বিখ্যাত হালোৱা , জিলেপী, গোলাপজামুন,পৰঠাৰ লগতে বহু খাদ্য সামগ্ৰী আছে এই দোকানত ।

যোৱাবৰ্ষত কৰোনাৰ বাবে আহিব নোৱাৰা দলটোৱে যোৱা এক দশক ধৰি ৰমজানৰ সময়ত গুৱাহাটীবাসীক নতুন সোৱাদৰ খাদ্যৰ যোগান ধৰি আহিছে । এই বছৰো অহা এমাহ ধৰি বিভিন্ন জুতিৰ খাদ্যৰ যোগান ধৰিব তেওলোকে ১৩ মে’ত ৰোজা সমাপ্ত হোৱাৰ পিছতেই তেওলোক উভতি যাব।