নিউজ ডেস্কঃ আজি লক্ষ্মী পূজা। ৰাজ্যজুৰি ধনৰ অধিষ্ঠাত্ৰী লক্ষ্মী দেৱীক আৰাধনা কৰিব ভক্তপ্ৰাণ ৰাইজে। শাৰদীয় দুৰ্গোৎসৱৰ পিছতেই আজি লক্ষ্মী বন্দনাৰে মুখৰিত সমগ্ৰ ৰাজ্য। লক্ষ্মী পূজাক কেন্দ্ৰ কৰি ব্যস্ত হৈ পৰিছে সকলো।
লক্ষ্মীৰ আশীৰ্বাদ হ’লে ভক্তৰ জীৱন সমৃদ্ধিশালী হয় বুলি এক ধাৰণা বা লোক বিশ্বাস আছে। এই বিশ্বাসক সাৰোগত কৰিয়েই দেৱীৰ আশীষ বিচাৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভক্তসকলে মহালক্ষ্মীক আৰাধনা কৰিব।
অসমৰ কোনো কোনো অঞ্চলত দুই-তিনিদিনীয়াকৈ উদযাপন কৰা হ’ব লক্ষ্মী পূজা। সজাই তোলা হৈছে লক্ষ্মী পূজাৰ বাবে সাজু কৰি তোলা পূজা মণ্ডপৰ লগতে মন্দিৰসমূহ সমূহ। গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত লক্ষ্মী পূজাক কেন্দ্ৰ কৰি ভক্তসকলৰ মাজত দেখা গৈছে ব্যাপক প্ৰস্তুতি।
লগতে পঢ়কঃভাওনাত চুম্বনৰ দৃশ্যাংশক লৈ সামাজিক মাধ্যমত বিতৰ্ক
ইতিমধ্যে মৃণ্ময় প্ৰতিমা সাজু কৰি তুলিছে শিল্পীসকলে। কোনো কোনো পূজা উদযাপন কমিটীয়ে ইতিমধ্যে মৃণ্ময় প্ৰতিমা পূজা মণ্ডপলৈ নিছে। আনহাতে আন একাংশ পূজা উদযাপন কমিটীয়ে আজি পুৱাৰ ভাগত প্ৰতিমা পূজাস্থলীলৈ নিব। লক্ষ্মী পূজাক কেন্দ্ৰ কৰি এতিয়া ব্যস্ত হৈ পৰিছে সকলো।
ইফালে, সত্ৰপীঠ মাজুলীতো লক্ষ্মী পূজাৰ এই পবিত্ৰ দিনটোৰ পৰাই সম্পূৰ্ণ মাহ জুৰি খোল-তাল বাঁহীৰ মধুৰ মূৰ্চনাত বিলিন হ’ব মাজুলী। শাৰদীয় ৰাস মহোৎসৱক লৈ ৰাস গীতৰ মধুৰ ঝংকাৰৰে আজিৰে পৰাই উদুলি- মুদুলি হ’ব নদীদ্বীপ মাজুলী। গকুল আৰু বৃন্দাবনলৈ পৰ্যবেশিত হ’ব সত্ৰ-পীঠ মাজুলী।
এই লক্ষ্মী পূৰ্ণিমাৰ দিনাই মাজুলীত অনুষ্ঠিত হ’ব শ্ৰী কৃষ্ণৰ ৰাস লীলাৰ নাট মেলা। সম্পূৰ্ণ আধ্যাত্মিকতাৰ মাজেৰে সমগ্ৰ মাজুলীৰ ৩২ খন সত্ৰৰ লগতে প্ৰায় ৬০খন স্থায়ী-অস্থায়ী ৰঙ্গমঞ্চত অনুষ্ঠিত হ’ব নাট মেলা।