বিশিষ্ট সাহিত্যিক ডঃ লক্ষ্মীনন্দন বৰা আৰু নাই। অসমীয়া সাহিত্যজগতৰ অন্যতম কাণ্ডাৰী পদ্মশ্ৰী, সাহিত্য একাডেমী বঁটা প্ৰাপক ড: লক্ষ্মীনন্দন বৰা ছাৰৰ দেহাৱসান ।
কিছু সময়ৰ পূৰ্বে শেষ নিশ্বাস ত্যাগ কৰিছে বিশিষ্ট কথাশিল্পীগৰাকীয়ে।
কোভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল ডঃ বৰা।
আই চি ইউ চিকিৎসাধীন হৈ আছিল সাহিত্যিকগৰাকী।
মহানগৰীৰ এক্সেল কেয়াৰ হস্পাতালত ভৰ্তি হৈ আছিল তেওঁ।
প্ৰথিতযশা কথাশিল্পী, ‘গঙা চিলনীৰ পাখি’, ‘পাতাল ভৈৰবী’, ‘সখা দামোদৰ’ৰ লগতে অসংখ্য অবিস্মৰণীয় সাহিত্যৰ স্ৰষ্টা লক্ষ্মীনন্দন বৰা ।
গৰিয়সী আলোচনীৰ সম্পাদক হিচাবে কাৰ্যনিৰ্বাহ কৰি আছিল লক্ষ্মীনন্দন বৰা ।
হোমেন বৰগোহাঞিৰ পিছত ক’ভিডত আক্ৰান্ত হৈ দ্বিতীয় গৰাকী প্ৰসিদ্ধ সাহিত্যিকৰ মৃত্যু হয় ।
নগাওঁ জিলাৰ হাতীচোং অঞ্চলৰ কুজিদাঁহ গাঁৱত ১৯৩১ চনত লক্ষ্মীনন্দন বৰাৰ জন্ম হৈছিল।
‘ৰামধেনু’ যুগত গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰি তেখেতে পিছলৈ উপন্যাস ৰচনাতো হাত দিছিল।
অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপকৰূপে অৱসৰ গ্ৰহণ কৰা বৰাই ১৯৮৮ চনত ‘পাতাল ভৈৰৱী‘ গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
তেখেতে ১৯৯৬ চনত অসম সাহিত্য সভাৰ বোকাখাত অধিবেশনত সভাপতিৰ আসন শুৱনি কৰিছিল।
তেওঁক ২০১৫ চনৰ ২৬ জানুৱাৰীৰ দিনা পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল
লক্ষ্মীনন্দন বৰাই তেখেতৰ পাতাল ভৈৰবী উপন্যাসৰ বাবে ১৯৮৮ সাহিত্য একাডেমী বঁটা , ২০০৪ চনত অসম ভেলী সাহিত্য বঁটা, ২০০৮ চনত ‘সৰস্বতী সন্মান’ লাভ কৰিছিল । ২০১৫ চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছিল লক্ষ্মীনন্দন বৰাক ।
ড০ লক্ষ্মীনন্দন বৰাৰ মৃত্যুত শোকপ্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী গৰাকীয়ে শোক প্ৰকাশ কৰি কয় যে অপূৰ্ব কথনশৈলীৰে জনজীৱনক গভীৰভাবে চুই যোৱা বিৰল প্ৰতিভাধৰ সাহিত্যিক লক্ষ্মীনন্দন বৰাদেৱৰ পৰলোকপ্ৰাপ্তিত ৰাজ্যৰ সাহিত্য জগতৰ এক বৰ্ণিল অধ্যায়ৰ পৰিসমাপ্তি ঘটিল। প্ৰয়াত সাহিত্যিকগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছোঁ।
প্ৰয়াত লক্ষ্মীনন্দন বৰাদেৱৰ শেষকৃত্য ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰাৰ সিদ্ধান্ত লোৱা হৈছে
লক্ষ্মীনন্দন বৰাই হাইস্কুলীয়া শিক্ষা লাভ কৰে নগাঁও চৰকাৰী হাইস্কুলৰপৰা৷ ১৯৪৮ চনত তেওঁ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় আৰু একে বছৰতে কটন কলেজত আই.এছচি শ্ৰেণীত নামভৰ্তি কৰে৷ ১৯৫০ চনত তেওঁ কটন কলেজৰপৰা আই, এছচি পাছ কৰে আৰু কটন কলেজতে পদাৰ্থ বিজ্ঞান বিভাগত নামভৰ্তি কৰে৷ ১৯৫২ চনত তেওঁ কটন কলেজৰপৰা পদাৰ্থ বিজ্ঞানত অনাৰ্ছ লৈ স্নাতক ডিগ্ৰী লাভ কৰে৷ ইয়াৰ পাছতেই তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবৰ বাবে কলিকতাৰ প্ৰেছিডেন্সী কলেজত নামভৰ্তি কৰে৷
১৯৫৪ চনত তেওঁ প্ৰেছিডেন্সী কলেজৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ লক্ষ্মীনন্দন বৰাই পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি ১৯৫৫ চনত প্ৰবক্তা হিচাপে শ্বিলঙৰ ছেইন্ট এন্থনী কলেজত যোগদান কৰিছিল৷ তাত তেওঁ প্ৰবক্তা হিচাপে দুমাহ শিক্ষকতা কৰাৰ পাছত যোৰহাট জে.বি. কলেজ আৰু নগাঁও কলেজত কিছুদিনৰ বাবে শিক্ষকতা কৰে৷ লক্ষ্মীনন্দন বৰাই ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল অন্ধ্ৰ বিশ্ববিদ্যালয়ৰপৰা ১৯৭৭ চনত৷ ‘The Water Balance and Drought Climatology of Assam and Vincity’ বিষয়ত তেখেতে ডক্টৰেট ডিগ্ৰী লাভ কৰে৷ ১৯৫৬ চনতে তেওঁ কটন কলেজত এবছৰ শিক্ষকতা কৰে আৰু ধুবুৰীৰ বি.এন কলেজত যোগদান কৰে৷ ইয়াৰ পাছত লক্ষ্মীনন্দন বৰাই ১৯৫৮ চনত যোৰহাটৰ অসম কৃষি মহাবিদ্যালয়ত যোগদান কৰে৷
লগতে পঢ়ক বিশিষ্ট সাহিত্যিক ডঃ লক্ষ্মীনন্দন বৰাৰ মৃত্যুত প্ৰদেশ কংগ্ৰেছৰ শোক প্ৰকাশ
অসম কৃষি মহাবিদ্যালয়খন বিশ্ববিদ্যালয়লৈ উন্নীত হোৱাত ১৯৬৯ চনত তেওঁ তাত অধ্যাপকৰূপে নিযুক্তি লাভ কৰে৷ ১৯৯২ চনত তেওঁ অসম কৃষি বিশ্ববিদ্যালয়ত পদাৰ্থবিজ্ঞান আৰু মৌচমবিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে শিক্ষকতা চাকৰিৰপৰা অৱসৰ গ্ৰহণ কৰে৷ লক্ষ্মীনন্দন বৰাই ভাৰতৰ বাহিৰৰ প্ৰতিষ্ঠানতো কাৰ্যনিৰ্বাহ কৰিছিল৷ তেওঁ অলপ দিন জাৰ্মানীৰ গোটেনবাৰ্গ বিশ্ববিদ্যালয়ৰ বতৰ বিজ্ঞানৰ ভিজিটিং প্ৰফেচৰ হিচাপে আছিল আৰু ইন্দো-জাৰ্মান গৱেষণা প্ৰকল্প আৰু অসম প্ৰদূষণ ব’ৰ্ডৰ অধ্যক্ষৰূপেও দায়িত্বত আছিল৷ তেওঁ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সঞ্চালক হিচাপে ২০০৩ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল৷
লক্ষ্মীনন্দন বৰাই সাহিত্য ক্ষেত্ৰৰ সৈতে বিংশ শতিকাৰ ষাঠীৰ দশকৰপৰাই জড়িত হোৱা দেখা যায়৷ ‘ৰামধেনু’ আলোচনীৰ পাততে তেওঁ সাহিত্যিক জীৱনৰ পাতনি মেলিছিল৷ ১৯৫৪ চনত লক্ষ্মীনন্দন বৰাৰ প্ৰথম গল্প ‘ভাওনা’ প্ৰকাশ হয়৷ ইয়াৰ পৰৱৰ্তী সময়ত তেওঁ একাধাৰে সাহিত্য চৰ্চা কৰি আছিল৷ গল্প, উপন্যাস, নাটক, ভ্ৰমণ কাহিনী, জীৱনী, বিজ্ঞান বিষয়ক লেখা আৰু অনুবাদৰ ক্ষেত্ৰত তেওঁ অৱদান আগবঢ়াই আহিছে৷ লক্ষ্মীনন্দন বৰাই কেইবাখনো কাকত-আলোচনীৰ সম্পাদনাৰ সৈতেও জড়িত আছিল৷ ১৯৯২ চনতে সাপ্তাহিক কাকত ‘ৰংপুৰ’ৰ সম্পাদক হিচাপে তেওঁ তিনি বছৰ কাৰ্যনিৰ্বাহ কৰিছিল৷ ২০০৪ চনত ‘অভিমত’ নামৰ সাপ্তাহিক কাকতৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ ২০০৯ চনৰপৰা তেখেতে সাহিত্য আলোচনী ‘গৰীয়সী’’ৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল৷ মৃত্যুৰ আগলৈকে সাহিত্যিক গৰাকীয়ে আলোচনী-কাকতত গল্প, প্ৰবন্ধ লিখি গৈছিল৷
লক্ষ্মীনন্দন বৰাৰ গ্ৰন্থঃ
গল্পঃ
দৃষ্টিৰূপা [১৯৫৮], সেই সুৰে উতলা [১৯৬০], কাঁচিয়লীৰ কুঁৱলী [১৯৬১], গোপন গধূলি [১৯৬১], গৌৰী ৰূপক [১৯৬১], মন মাটি মেঘ [১৯৬২], অচিন কইনা [১৯৬৩], এই ৰূপ এই ছন্দ [১৯৬৩], দহন দুলড়ী [১৯৬৫], কঠিন মায়া [১৯৬৬], দেৱতাৰ ব্যাধি [১৯৬৬], আৱেশ ইন্দ্ৰজাল [১৯৬৭], মাজত তৃষাৰে নৈ [১৯৬৭], ব্যতিক্ৰম [১৯৭৬], নিষিদ্ধ চেতনা [১৯৭৬], সেহি অনুৰাগে [১৯৮০], এৰাবাৰীৰ লেছেৰী [১৯৮৩], দুস্তৰ কাৰাগাৰ [২০০২], প্ৰেয়সী [১৯৯৩], মন বিৰিখৰ জোখ [২০০১], মুক্ত পুৰুষ [২০০২], মন মাটি পিৰীতি [১৯৬২], লক্ষ্মীনন্দন বৰাৰ গল্প সমগ্ৰ [প্ৰথম খণ্ড] [২০০৪], আলাসত খৰিকাজাই [২০০৬], লক্ষ্মীনন্দন বৰাৰ চাৰিটা দশকৰ গল্প সমগ্ৰ [২০০৭], বাসন্তী বাসনা [২০১৭]৷
উপন্যাসঃ
নিশাৰ পূৰৱী [১৯৬২], গঙা চিলনীৰ পাখি [১৯৬৩], ছাঁ জুইৰ পোহৰত [১৯৬৬], শিখাৰ সুৰভি [১৯৬৮], মেঘালী দুপৰ [১৯৬৮], বলুকাত বিজুলী [১৯৬৯], মাটিত মেঘৰ ছাঁ [১৯৭০], উত্তৰ পুৰুষ [১৯৭০], বিশেষ এৰাতি [১৯৭৯], পতন [১৯৭৯], আকৌ শৰাইঘাট [১৯৮০], ৰাধিকাপুৰ আৰু মালক্ষ্মী নিকেতন [১৯৮২],ঘাতক-পলাতক [১৯৮৫], পাতাল ভৈৰৱী [১৯৮৬], প্ৰতিৰোধ [১৯৮৭], বিপন্ন বিস্ময় [১৯৮৮], কাল ডিঙৰাৰে পাল [১৯৮৮], গণেশগুৰি [১৯৮৮], নায়ক-অধিনায়ক [১৯৯২], হিয়াত তিৰেবিৰায় [১৯৯৩], যাকেৰি নাহিকে উপাম [১৯৯৩], মৎস্যকন্যা [১৯৯৫], সেহি গুণনিধি [১৯৯৭], মেঘত মাদল বাজে [১৯৯৯], কায়কল্প [২০০২], চতুৰংগ [২০০৩], তেজস্বিনী [২০০৩], গতি মতি ভকতি [২০০৫], ‘সেহি সব্যসাচী’ [২০১৪]৷
ভ্ৰমণঃ পশ্চিমৰ পম খেদি [১৯৯১], জোৰালগা জাৰ্মেনীত [১৯৯৩], সীমাৰ পৰিধি ভেদি [১৯৯৭]
নাটকঃ সিপুৰীৰ আঁচনি [১৯৬১], একাংক যুগল [১৯৭২]
জীৱনীঃ স্বামী বিবেকানন্দ [১৯৯৭], শঙ্কৰদেৱঃ এটি মহাজীৱন [১৯৯৯], মহাপুৰুষ মাধৱদেৱ [১৯৯৯]
আত্মজীৱনীঃ কাল বলুকাত খোজ [২০১০]
বিজ্ঞানঃ গাঁৱৰে সৰগ ৰচোঁ [১৯৬০], মই ধনীৰামৰ ধান [১৯৬০], জনম ৰহস্য আৰু পৰিয়াল ৷আঁচনি [১৯৬৮], মই ধনীৰামৰ খেতি [১৯৯০], পৰিৱেশ বিজ্ঞানৰ সাৰথি [১৯৯৫],পৰিৱেশ বিজ্ঞান আৰু আইন [২০০৪], অফুৰন্ত যৌৱনৰ সঁচাৰকাঠী [২০১৬]অনুবাদঃ মেঘনাথ সাহা [১৯৮৯], শামুকৰ পেটত মুকুতা [১৯৯০]
অন্যান্যঃ সভাপতিৰ দিনলিপি [২০০২]
লক্ষ্মীনন্দন বৰাই লাভ কৰা উল্লেখযোগ্য সন্মানঃ
১৯৬০ঃ চনত ‘গাঁৱৰে সৰগ ৰচোঁ’ গ্ৰন্থৰ বাবে ৰাষ্ট্ৰীয় ‘নিউ লিটাৰেটছ বঁটা লাভ৷১৯৮৮ঃ ‘পাতাল ভৈৰৱী’ উপন্যাসৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ৷১৯৯৬ঃ ‘যাকেৰী নাহিকে উপাম’ উপন্যাসৰ বাবে অসম সাহিত্য সভাৰ অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা লাভ৷২০০৪ঃ অসম উপত্যকা সাহিত্য বঁটা লাভ৷২০০৮ঃ ‘কায়কল্প’ উপন্যাসৰ বাবে সৰ্বভাৰতীয় সৰস্বতী সন্মান লাভ৷২০১৫ঃ ‘পদ্মশ্ৰী বঁটা’ লাভ৷
লগতে পঢ়ক আজি বিশ্ব চাইকেল দিৱস, টীয়কতো উদযাপন