ৰাজৰ্ষি চহৰীয়া

আজি লক্ষ্মী পূজা। পুৰোহিতৰ মুখত ধ্বনিত হৈছে প্ৰণাম মন্ত্ৰ- ‘ওম নমস্তে সৰ্বভূতানাং বৰোদাশি হৰিত্ৰেয়ে/জাগতিস্তং প্ৰপন্বায়াং সামেতুয়াৎ ত্বদৰ্চনাৎ/ওম বিশ্ব ৰূপস্য ভাৰ্যাসী পদ্মে পদ্মালয়ে শুভে/সৰ্বাতঃ পাহি মাং দেৱী/মহালক্ষ্মী মনস্তুতে।’

সমগ্ৰ ৰাজ্যৰ ভক্তপ্ৰাণ ৰাইজে দেওবাৰে ঐশ্বৰ্য, বিভূতি, সুখ-শান্তিদায়িনীৰ দেৱী মা লক্ষ্মীক পূজিলে। পূৰ্ণিমাৰ সয়মচোৱাত ভক্তসকলে অধিষ্ঠাত্ৰী দেৱী শ্ৰীশ্ৰীলক্ষ্মীলৈ ষোড়শোপচাৰে আগবঢ়ালে পূজা-অৰ্চনা। 

২০২২ বৰ্ষৰ লক্ষ্মী পূজাৰ লগ্ন আৰম্ভ হৈছে ৯ অক্টোবৰৰ পুৱা ৩.৪১ বজাৰ পৰা। আৰু পূজাৰ লগ্ন অন্ত পৰিব ১০ অক্টোবৰৰ দিনৰ ২.২৫ বজাত। হিন্দু সমাজত বিশ্বাস আছে যে, লক্ষ্মী দেৱীৰ আশীৰ্বাদত ভক্তসকলৰ অভাৱ-অনাটন, শোক-সন্তাপ, অপায়-অমংগল, দুখ-অশান্তি দূৰ হয় আৰুধন, ঐশ্বৰ্য-বিভূতিৰে জীৱন উপচি পৰে।

মা লক্ষ্মীক ধন, ঐশ্বৰ্য-বিভূতি, সুখ-শান্তি প্ৰদানৰ দেৱী হিচাপে হিন্দু ধৰ্মাৱলম্বী লোকসকলে প্ৰাৰ্থনা কৰে। মা লক্ষ্মী বিষ্ণুৰ পত্নী তথা শক্তিৰ উৎস বুলিও জনাজাত। মালক্ষ্মীৰ বাহন হৈছে বগা ফেঁচা চৰাই। কোৱা হয় যে, যেতিয়া ভগৱান বিষ্ণুই ৰাম আৰু শ্ৰীকৃষ্ণৰ অৱতাৰ গ্ৰহণ কৰিছিল, তেতিয়া মা লক্ষ্মী দেৱীয়ে সীতা আৰু ৰাধাৰ অৱতাৰ লৈ তেওঁৰ সংগী হৈছিল। 

দেৱী লক্ষ্মীক লৈ বহু জনপ্ৰিয় গল্প প্ৰচলিত আছে। এই গল্পসমূহক পাঞ্চালীৰ ৰূপত লক্ষ্মীপূজাৰ দিনা উচ্চাৰণ কৰা হয়। ইয়াকে কোৱা হয় লক্ষ্মী পাঞ্চালী। লক্ষ্মী পূজা সাধাৰণতে ঘৰৰ গৃহিনীৰ দ্বাৰা কৰা হয়। আৰু ভাৰতত ন-বোৱাৰীক ঘৰৰ লক্ষ্মী বুলিও কোৱা হয়।

এবাৰ পূৰ্ণিমাৰ নিশা দেৱৰ্ষি নাৰদে দেৱী লক্ষ্মীক পৃথিৱীৰমানুহৰ দুখ-দুৰ্দশাৰ বিষয়ে অৱগত কৰে। আৰু তেতিয়া মা লক্ষ্মীয়ে নাৰদক কয় যে এয়ামানুহৰ নিজৰ পাপৰ ফল। কিন্তু অৱশেষত নাৰদৰ অনুৰোধত মানুহৰ দুখ-কষ্ট আঁতৰাবলৈ দেৱীলক্ষ্মীয়ে লক্ষ্মীব্ৰত কৰিবলৈ উপদেশ দিয়ে।

হিন্দু সকলৰ মাজত প্ৰচলিত এক কাহিনী অনুসৰি অৱন্তী নগৰত এজন বহু ধনী ব্যক্তি আছিল। মৃত্যুৰ পাছত তেওঁৰ সা-সম্পত্তীক কেন্দ্ৰ কৰি সন্তানৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। তাৰপাছত ধনী ব্যক্তিজনৰ পত্নীগৰাকী অতিষ্ঠ হৈ আত্মহত্যা কৰাৰ উদ্দেশ্যে অৰণ্যৰ মাজলৈ যায়। তাত দেৱী লক্ষ্মীয়ে তেওঁক লক্ষ্মীব্ৰত কৰিবলৈ উপদেশদি ঘৰলৈ উভতাই পঠিয়ায়। লক্ষ্মীব্ৰত কৰাৰ পাছতেই তেওঁৰ ঘৰলৈ সুখ-শান্তি ঘূৰি আহে। আৰু তাৰপাছত অৱন্তী নগৰত প্ৰচলিত হয় লক্ষ্মীব্ৰতৰ।

ইফালে, এদিন অৱন্তীত লক্ষ্মীব্ৰত কৰি থকা দেখি শ্ৰীনগৰৰ এজন ব্যৱসায়ীয়ে ঠাট্টা কৰে। আৰু দেৱী লক্ষ্মীয়ে এই কাৰ্যক দেখি ক্ষোভিত হৈ পৰে। দেৱীলক্ষ্মীৰ প্ৰকোপত শ্ৰীনগৰৰ সেই ব্যৱসায়ীজনৰ সকলো ধন হেৰুৱাই আৰু অৱশেষত ভিক্ষা মাগিব লগা হয়। সকলো হেৰুওৱাৰ পাছত শ্ৰীনগৰৰ ব্যক্তিজনে মা লক্ষ্মীক ক্ষমা খোজে আৰুঅৱশেষত দেৱীয়ে তেওঁক ক্ষমা কৰে আৰু সকলো সা-সম্পত্তি ঘূৰাই দিয়ে।

মালক্ষ্মীক ভক্তসকলে আৰাধনা কৰা কিছু নাম এনেধৰণৰ-পদ্মা, কমলা, পদ্মাপ্ৰিয়া, পদ্মমালাধাৰাদেৱী, পদ্মমুখী, পদ্মক্ষী, পদ্মহস্ত, পদ্মসুন্দৰী, বিষ্ণুপ্ৰিয়া, নন্দিকা, মনুশ্ৰী,চক্ৰিকা, কমলিকা, ঐশ্বৰ্য্য, লালিমা, ইন্দিৰা, কল্যাণী, নন্দিনী, বৈষ্ণৱী, ভাৰ্গৱী,শ্ৰীদেৱী, চঞ্চলা, মাধৱী, সুজাতা, প্ৰাচী, হৰিপ্ৰিয়া, মধু, পৰমা, জনমোদিনী, মালতী,বিদ্যা, বসুদা, বেদাৱতী, ত্ৰিলোচনা, তিলোত্তামা, ক্ৰিয়ালক্ষ্মী, বীৰুপা, অপৰাজিতা, অৰুণা, অখিলা, বালা, কুহু, পুৰ্ণিমা, সীতা, ৰাধা, ৰাধিকা, ৰুক্মিণী, তৰুণা, জ্যোৎস্না,জ্যোতি, স্বৰ্ণ কমলা, স্মৃতি আদি।

লক্ষ্মী পূজাৰ দিনটোত কেনেকৈ পূজা কৰা হয় লক্ষ্মী দেৱীকঃ

ধন, সম্পদ, অশ্বৰ্যৰ অধিষ্ঠাত্ৰী লক্ষ্মী দেৱীৰ পূজা। গাঁৱৰ ৰাইজে ভঁৰালত, পথাৰত এগছি বন্তি জ্বলাই আৰুএখন শৰাই আগবঢ়াই লক্ষ্মী মাক আমন্ত্ৰণ জনায়। আনহাতে, মহানগৰবাসীয়ে ধানৰ থোক, কলগছ,কুঁহিয়াৰ, ৰবাব টেঙা আৰু বিভিন্ন ফলমূলেৰে লক্ষ্মী দেৱীক আদৰাৰ প্ৰস্তুতি চলাইছে।সেয়েহে মহানগৰীৰ বজাৰসমূহত পূজাৰ সামগ্ৰী বিচাৰি গ্ৰাহকে কৰিছে ভিৰ।

জন বিশ্বাস অনুসৰি, যাৰ ঘৰতমা লক্ষ্মীয়ে পদাৰ্পন কৰে তেওঁলোকৰ ঘৰ ধনে-ধানে ওপচি পৰে। আৰু প্ৰচলিত মতে লক্ষ্মীদেৱী অতি শান্ত প্ৰকৃতিৰ। সেয়েহে আৰাধনা কৰা সময়তে শান্তভাৱে পূজা অৰ্পন কৰা উচিত।লক্ষ্মী দেৱীৰ প্ৰিয় ৰং বগা। আৰু সেয়েহে তেওঁ পূজা আগবঢ়োৱা সময়ত শুভ্ৰ সাজ পৰিধানকৰিব লাগে।

পৰম্পৰা অনুসৰি, দেৱী লক্ষ্মীক আৰাধনা কৰি সকলোৱে সুখ-শান্তিৰ লগতে সমৃদ্ধি আৰু পৰিয়ালৰ প্ৰাচুৰ্য্যৰ কামনা কৰে। লক্ষ্মী পূজাৰ সৈতে বহু পৰম্পৰা জড়িত হৈ আছে। বিশ্বাস কৰা হয় ধন-সম্পত্তীৰ অধিষ্ঠাত্ৰী দেৱী সন্তুষ্ট হ’লে নদন-বদন হৈ পৰে ঘৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply