মেৰাপানী : গোলাঘাট জিলাৰ অসম-নাগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চল ৰামনগৰ, মেৰাপানীত মঙলবাৰে আবকাৰী আৰু খাদ্য সুৰক্ষা বিভাগৰ বিষয়াৰ যুটীয়া দলে এটা গুদামত তালাচী অভিযান চলাই বৃহৎ পৰিমাণৰ লালি গুড় ধ্বংস কৰে। গোলাঘাট (সদৰ)ৰ আবকাৰী বিভাগৰ উপ পৰিদৰ্শক আশুতোষ বৰুৱা আৰু খাদ্য সুৰক্ষা বিষয়া বেনি বৰগোহাঁইৰ নেতৃত্বত দলটোৱে এই সফল অভিযান চলায়। প্ৰদীপ গুপ্তা নামৰ এজন লোকৰ গুদামত আবকাৰী আৰু খাদ্য সুৰক্ষা বিষয়াৰ দলে স্থানীয় আৰক্ষীৰ সহযোগিতাত তালাচী অভিযান চলাই মানুহৰ বাবে অনুপযোগী ২৫০০ টিং লালি গুড় জব্দ কৰে।

চুলাই মদ তৈয়াৰ কৰিবলৈ শতাধিক টিং পাত্ৰত জমা কৰি থোৱা, মানুহৰ খোৱাৰ অনুপযোগী লালি গুড়খিনি জব্দ কৰি ধ্বংস কৰা হয় বুলি গোলাঘাট (সদৰ)ৰ আবকাৰী বিভাগৰ উপ পৰিদৰ্শক আশুতোষ বৰুৱাই জানিবলৈ দিয়ে। জব্দ কৰা গুড়খিনি আবকাৰী বিষয়া, খাদ্য সুৰক্ষা বিষয়া, আৰক্ষী বিষয়া, বিভিন্ন সংগঠন আৰু সাংবাদিকসকলৰ উপস্থিতিত ওচৰতে থকা এটা পুখুৰীত ধ্বংস কৰা হয়।

লগতে পঢ়ক : মেঘালয়ৰ পানীয়ে প্লাবিত কৰিছে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰী

উল্লেখ্য যে, এই তালাচী অভিযানৰ পূৰ্বে খাদ্য সুৰক্ষা বিভাগে গুদামৰ মালিকক বৈধ কাগজ-পত্ৰ অবিহনে জমা কৰি ৰখা লালি গুড়খিনি ধ্বংস কৰিবলৈ নিৰ্দেশ প্ৰদান কৰি ২০ জুনৰ ভিতৰত কেইবাবাৰো ন’টিচ জাৰি কৰিছিল। ইমানখিনিৰ পিছতো যেতিয়া গুদামৰ মালিকৰ গা নলৰাত উক্ত গুদামটো ছীল কৰি খাদ্য সুৰক্ষা বিষয়াই মালিকৰ বিৰুদ্ধে এই সংক্ৰান্তত মেৰাপানী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply