নৱবৰ্ষৰ আনন্দ উল্লাসৰ মাজতে লামডিঙত ক’ভিডৰ সন্ত্ৰাস ৷ লামডিঙৰ Railway Protection Special Force বেটেলিয়নত ১৫ গৰাকী জোৱান ক’ভিডত আক্ৰান্ত হৈছে।

এই শিবিৰত বিষয়াসহ আছে ৮০ গৰাকী জোৱান। মুঠ ১২৭ গৰাকী জোৱান আহিছিল প্ৰশিক্ষণৰ বাবে।

ইতিমধ্যে বাকী জোৱানসকলক ক’ভিড পৰীক্ষাৰ বাবে লামডিং ৰে’লৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে শীৰ্ষ বিষয়াসকলে।

একেদিনাই বেটেলিয়নৰ ১২ গৰাকীকৈ জোৱানৰ শৰীৰত কভিডৰ সংক্ৰমণ ধৰা পৰাত লামডিঙত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। 

এই ঘটনা পোহৰলৈ অহাৰ পিছতে লামডিঙৰ ৰেলৱে চিকিৎসালয়ত বেটেলিয়ানৰ সকলক ক’ভিড টেষ্ট কৰাৰ পিছতেই বৃদ্ধি হয় আক্ৰান্ত সংখ্যা ৷ ৰেল কৰ্মী সহ লামডিঙত আজি দিনটোৰ ভিতৰতে ২৩ জনলৈ বৃদ্ধি পায় ক’ভিড আক্ৰান্তৰ সংখ্যা ৷

লগতে পঢ়ক – ৩১ ডিচেম্বৰৰ লগতে নৱবৰ্ষৰ প্ৰথম দিনটোত দুৰ্ঘটনা মুক্ত হ’ল বোকাখাতত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply