লামডিঙ : লামডিঙৰ সংৰক্ষিত বনাঞ্চলৰ পৰা বেদখলকাৰী সকলক উচ্ছেদ কৰাৰ পিছত উচ্ছেদিত লোক সকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে। ইতিমধ্যে উচ্ছেদিত লোক সকলক অস্থায়ীভাৱে পুনৰ সংস্থাপন কৰাৰ বাবে প্ৰশাসনে ভূমি প্ৰদান কৰিছে। ইফালে প্ৰশাসনে প্ৰদান কৰা ভূমিকলৈ অসন্তুষ্ট হৈ পৰিছে একাংশ লোক।
লামডিঙ সংৰক্ষিত বনাঞ্চলত হোজাই জিলা প্ৰশাসনে সুকলমে উচ্ছেদ অভিযান সম্পন্ন কৰাৰ পিছত এতিয়া উচ্ছেদিত লোক সকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আজি উচ্ছেদিত লোক সকলৰ মাজৰে পৰা ২০৪ টা পৰিয়ালক অস্থায়ীভাৱে ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত চাংমাজি গাঁৱৰ এডোখৰ বিশাল চৰকাৰী ভূমিত সংস্থাপনৰ ব্যৱস্থা কৰিছে হোজাই জিলা প্ৰশাসনে।
আজি পুৱাৰে পৰা লামডিঙ-নখুটিৰ জানজুৰ অস্থায়ী শিবিৰৰ পৰা উচ্ছেদিত লোক সকলক ডবকাৰ চাংমাজি গাঁৱত পুনৰ সংস্থাপনৰ বাবে অনা হয়। প্ৰশাসনৰ লোক উপস্থিত হৈ উচ্ছেদিত লোক সকলক মাটি সমূহ চমজাই দিয়াৰ ব্যৱস্থা কৰিছে৷ এই সময়ছোৱাত যাতে কোনো ধৰনৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে।
ইফালে ধাননি পথাৰৰ মাজত উচ্ছেদিত লোক সকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিছে যদিও খোৱা পানীৰ আৰু শৌচালায় কোনো ধৰণৰ ব্যৱস্থা নাই। উচ্ছেদিত লোক সকলক কেৱল ভূমি দেখুৱাই নাম মাত্ৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰো অভিযোগ উত্থাপিত হৈছে জিলা প্ৰশাসনৰ বিৰুদ্ধে৷ ইফালে উচ্ছেদিত লোক সকলক পুনৰ সংস্থাপনক লৈ সৰব হৈ উঠিছে স্থানীয় লোক সকল।
লগতে পঢ়ক : টিম হিউমেনিটিৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস
চাংমাজি গাঁৱত বহু ভূমিহীন লোকে এতিয়াও চৰকাৰী ভূমি দখল কৰি বসবাস কৰি আছে৷ এই সকলক স্থায়ী সংস্থাপন দিয়াৰ পৰিবৰ্তে পুনৰ অন্য ঠাইৰ পৰা উচ্ছেদিত লোকক আনি সংস্থাপনৰ ব্যৱস্থা কৰা কাৰ্যক সহজে লব পৰা স্থানীয় লোকে৷ স্থানীয় লোক সকলে লামডিঙৰ উচ্ছেদিত লোক সকল যাতে কোনো কাৰণতে অঞ্চলটোত স্থায়ীভাৱে বসবাস নকৰে ইয়াৰ প্ৰতি প্ৰশাসনক আহ্বান জনাইছে।