পল্লব মিলি, লখিমপুৰ: দহমহীয়া পুত্ৰ সন্তানৰ চিকিৎসাৰ বাবে এতিয়া এহাল দম্পতীক লাগে ধন। ইতিমধ্যে পুত্ৰৰ চিকিৎসাৰ নামত নিজৰ মাটি সম্পত্তি বিক্ৰী কৰি সৰ্বস্বান্ত হৈছে দম্পতীহাল। অৱশেষত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখলৈ অসহায় ভাৱে চাই ৰৈ সহায় বিচাৰিছে তেওঁলোকে।

লখিমপুৰ জিলাৰ বিহপুৰীয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত সন্তপুৰ গাঁৱৰ দিব্যজ্যোতি সন্দিকৈ আৰু সোনমণি সন্দিকৈৰ দ্বিতীয় সন্তান হৰজিৎ সন্দিকৈ জন্মৰ পৰাই এক জটিল ৰোগত আক্ৰান্ত হৈ আহিছে। জন্মৰ পাঁচ মাহৰ পৰাই পুত্ৰ সন্তানটিৰ চিকিৎসা কৰি আহিছে পিতৃ-মাতৃয়ে। বিভিন্ন স্থানত সন্তানক চিকিৎসা কৰাৰ নামত মাটি সম্পত্তিও বিক্ৰী কৰিলে অসহায় দৰিদ্ৰ পৰিয়ালটোৱে।

চিকিৎসকে জানিব দিয়া অনুসৰি- এই কণমানিটি HBE DISEAS / BETA THALASSAEMIA and HEMOGLOBINO PATHIES ৰোগত আক্ৰান্ত। পৰিয়ালটোৱে জনোৱা মতে, সন্তানটিৰ পেটৰ এটা অংশত অস্বাভাৱিকভাৱে থকা এডাল বিশেষ ফিটাই দেহৰ সকলো তেজ শুহি লয়, যাৰ ফলত সন্তানটিৰ দেহত তেজৰ পৰিমাণ কমি যায়। শৰীৰত তেজৰ পৰিমাণ কমি যোৱাৰ বাবেই এতিয়া পৰিয়ালটোৱে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ ২১ দিনৰ মূৰে মূৰে নি সন্তানক তেজ দি থাকিব লাগে।

ইফালে, দিন হাজিৰা কৰি কোনোমতে পৰিয়ালটো চলাই নিয়া পিতৃ দিব্যজ্যোতিয়ে সন্তানক চিকিৎসাৰ বাবে বিহপুৰীয়াৰ পৰা ডিব্ৰুগড়লৈ অহা যোৱা কৰাৰ নামতেই প্ৰয়োজন হোৱা খৰচৰ বাবেও হাবাথুৰি খাব লগা হৈছে। দিন হাজিৰা কৰা পিতৃৰ বাবে নিজৰ সন্তানক উন্নত চিকিৎসাৰ বাবে বহি:ৰাজ্যলৈ নিবলৈও মাটি সম্পত্তি বিক্ৰী কৰি শেষ কৰিলে। অসহায় পৰিয়ালটোৱে উপায়ন্তৰ হৈ অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত সহায় ভিক্ষা বিচাৰি কাতৰ আহ্বান জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply