নিউজ ডেস্ক: ভেঁকো-ভাওনাত পৰিণত হৈছে ৰাজ্য চৰকাৰৰ দালাল-বিৰোধী অভিযান৷মাত্ৰ দুটা দিনত ছয় শতাধিক দালালক গ্ৰেপ্তাৰ কৰি চমক সৃষ্টি কৰা অসম আৰক্ষীয়ে মাত্ৰ এটা দিনৰ পাছতে ওলোটা ছবিখনহে দেখিবলৈ পোৱা গৈছে৷ গ্ৰেপ্তাৰ কৰা দালালে হোৰাহোৰে লাভ কৰিছে জামিন৷
আৰক্ষীৰ তদন্তৰ সুৰুঙাৰ বাবে এইবাৰ জিলাই জিলাই দালালসকলে জামিন লাভ কৰিবলৈ সক্ষম হৈছে৷জিলাই জিলাই মাটিৰ দালালে আদালতত জামিন আৱেদন কৰিছে আৰু আৰক্ষীৰ দুৰ্বল ভূমিকাৰ বাবে আদালতে তেওঁলোকক জামিন প্ৰদান কৰিছে৷বঙাইগাঁও জিলাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ১৫টা দালালৰ ৯টাই একেদিনাই জামিন লৈ মুক্ত আকাশৰ তললৈ ওলাই আহিবলৈ সক্ষম হয়৷

একেদৰে প্ৰায় প্ৰতিখন জিলাতে এতিয়া মাটিৰ দালালৰ জামিন হোৱাৰ খবৰ আহিছে৷আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দালালসমূহৰ ভিতৰত লাটমণ্ডল,চৰকাৰী শিক্ষকৰ দৰে লোকো আছে৷ৰাজ্যজুৰি চলা অভিযানত মাটিৰ দালালসমূহে আইন-বিৰোধী কাম কৰা বুলি প্ৰমাণ কৰিব পৰাকৈ আৰক্ষীয়ে পৰ্যাপ্ত তথ্য সংগ্ৰহ কৰিব নোৱাৰিলে৷


আৰক্ষীৰ এই সোপাঢিলা নীতিৰ উপৰি বহু দালালৰ ৰাজনৈতিক ছত্ৰছায়াৰ বাবে যেনেদৰে নিছিলে তেনেদৰে মুক্ত আকাশৰ তললৈ ওলাই আহিবলৈ সক্ষম হৈছে৷

মুখ্যমন্ত্ৰীয়ে দালালক ধৰা বিষয়টো মূল নাটকৰ আগৰ নৃত্য নাটিকা বুলিহে মন্তব্য কৰিছিল । এইসকলৰ বিৰুদ্ধে যদি একো তথ্যই নাই তেন্তে নিছিল কিয় ।

লগতে পঢ়ক-কংগ্ৰেছ সভাপতিৰ নেতৃত্বত মঙলদৈত প্ৰতিবাদী কাৰ্যসূচী, ধৰ্ণা, সমদলৰে উত্তাল ৰাজপথ

আনহাতে নিমাতীঘাটত হোৱা ফেৰী দূৰ্ঘটনাৰ পিছত আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ লগতে নাৱৰ মালিক কৰ্মচাৰী ১২ জনক গ্ৰেপ্তাৰ কৰি চৰকাৰে চমক সৃষ্টি কৰিছিল যদিও চৰকাৰে এজাহাৰেই দাখিল নকৰিলে । মুখ্যমন্ত্ৰীয়ে ফৌজাদাৰী গোচৰ দিয়াৰ নিৰ্দেশ দিছিল যদিও কাৰ্যকৰী নকৰিলে আৰক্ষীয়ে ।

যাৰ ফলত কোনো তথ্যই দাঙি ধৰিব নোৱাৰাত উক্ত ঘটনাক দূৰ্ঘটনাৰ আখ্যা দি ১১ জনকেই জামিন দিলে চৰকাৰে । ইয়াৰে গৌতম কলিতা নামৰ ব্যক্তিজনে ১৭ ছেপ্টেম্বৰতেই জামিন লাভ কৰিছিল । আৰক্ষীৰ কেচ ডায়েৰীৰ দূৰ্বলতাৰ সুযোগতেই সেইসকল এতিয়া মুক্ত আকাশৰ তলত । তিনিজনকৈ ব্যক্তি নিহত হোৱা ঘটনাইও প্ৰশাসনৰ চকু মেল নাখালে । মুখ্যমন্ত্ৰীয়েও দুবাৰকৈ আহি দোষীয়ে শাস্তি পাব বুলি কোৱা মন্তব্যও ফুটুকাৰ ফেন হ’ল । এনেদৰেই চৰকাৰে এচামক গ্ৰেপ্তাৰৰ নামত চলাই অহা চৰকাৰৰ নাটকক লৈ অতিষ্ঠ জনতা।

লগতে পঢ়ক-মহানগৰীত অসম ৰাজ্যিক অংগনবাড়ী কর্মী আৰু সহায়িকা সন্থাৰ প্ৰতিবাদ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply