হাইলাকান্দি : থানাৰ পৰা উলিয়াই আনি দুই দালালক ফুলৰ মালা পিন্ধাই আলগাপুৰৰ AIUDF
বিধায়ক নিজামুদ্দিন চৌধুৰীৰ নেতৃত্বত চহৰৰ মাজেৰে শোভাযাত্ৰা উলিওৱাৰ আনন্দ বহু সময় ধৰি নচলিল। বিধায়কগৰাকীৰ কাৰ্য সৰ্ব দিশতে চৰ্চা হোৱাৰ লগে লগে আৰক্ষীয়েও ব্যবস্থা লবলৈ বাধ্য হ’ল।

বিধায়কৰ নির্লজ্জ কান্ড আলগাপুৰ আৰক্ষীয়ে ভূ-মাফিয়া আটক কৰাৰ পাছত ভূ-মাফিয়াৰ লগত ফোট উঠিছে আলগাপুৰ সমষ্টিৰ বির্তকিত বিধায়ক হাজি নিজাম উদ্দিন চৌধুৰী।

ৰাতি ভাগত আকৌ আত্মসমৰ্পন কৰিলে দিনৰ ভাগত মুকলি কৰি নিয়া এই দুইজন ভূ-মাফিয়া ছৰফ উদ্দিন বৰভূঞা আৰু আনোৱাৰ উদ্দিন লস্কৰ। আৰক্ষীয়ে আটক কৰা ভূ-মাফিয়াক মুকলি নকৰিলে আত্মহত্যা কৰিব বুলি ভাবুকি দিছিল আলগাপুৰ সমষ্টিৰ বিধায়কে। বিধায়কৰ এনে মন্তব্য লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সমগ্ৰ অসমত।

মংগলবাৰৰ দিনা আলগাপুৰ আৰক্ষীয়ে অভিযান চলাই পাঁচ জন মাটিৰ দালালক (ভূ-মাফিয়া) আটক কৰিছিল কিন্তু আলগাপুৰ সমষ্টিৰ বির্তকিত বিধায়ক হাজি নিজাম উদ্দিন চৌধুৰীয়ে পাঁচ জন ভূ-মাফিয়াৰ মাজত দুইজনক মুকলি কৰি লৈ গৈছিল। আৰু এই দুই জন ভূ-মাফিয়াক ফুলৰ মালা দি আদৰণী জনাইছিল বিধায়কে।এই দুইজন ভূ-মাফিয়াক লগত ফটো উঠি বিজয় উৎসৱ পাতিছিল।
আলগাপুৰ সমষ্টিৰ বিধায়কে আৰু এই ঘটনা কেন্দ্ৰ কৰি এক তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সমগ্ৰ অসমত। ছৰফউদ্দিন বৰভূঞা নামৰ দালাল টো পঞ্চায়ত প্ৰতিনিধিও।
ভূ-মাফিয়াক ৰক্ষণা বেক্ষন দিছে নেকি আলগাপুৰ সমষ্টিৰ AIUDF দলৰ বিধায়ক হাজি নিজাম উদ্দিন চৌধুৰীয়ে ইয়াক লৈ প্ৰশ্ন উঠিছে ৰাইজৰ মাজত। বিধায়কৰ এনে কান্ডক লৈ তীব্ৰ গৰিহণা দিছে বিভিন্ন দ’ল সংগঠনে। আলগাপুৰ আৰক্ষীয়ে কাৰ হেঁচাত মুকলি কৰিছিল এই দুইজন ভূ-মাফিয়াক? এই ঘটনাৰ ওপৰত কোনো ধৰনৰ মন্তব্য আগবঢ়োৱা নাই হাইলাকান্দি আৰক্ষীয়ে।

লগতে পঢ়ক-বকোৰ মালাঙত অসম মেঘালয় সীমান্তৱৰ্ত্তী এলেকাত মেঘালয়ৰ আগ্ৰাসন

এই সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কয়,
“বিধায়ক নিজামুদ্দিনে মালা পিন্ধায় মানুহ কেইজনক লৈ গৈছিল বিধায়ক নিজামুদ্দিনক মুখ্যমন্ত্ৰীৰ সকীয়নিঃ আপোনাক আটক কৰাৰ আগতে দালাল দুজনক পঠিয়াই দিয়ক” ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply