মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো কেৰেপ নকৰে অসমৰ ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীয়ে।৫০০ জনতকৈও অধিক লোকক গ্ৰেপ্তাৰ কৰাৰ পাছতো দালাল ব্যবস্থা অব্যাহত আছে ৰাজ্যৰ বিভিন্ন কাৰ্যালয়ত।
মুখ্যমন্ত্ৰীৰ কঠোৰ হুংকাৰৰ পাছতো যেন ভয় কৰা নাই একাংশ দালালৰ। চৰকাৰৰ দুৰ্নীতি বিৰোধী স্থিতিৰ বিপৰীতে মুকলিকৈ উৎকোচৰ বজাৰ মেলিছে এচাম চৰকাৰী বিষয়াই। ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ভূ-মাফিয়া আৰু মাটি দালাল চক্ৰৰ বিৰুদ্ধে ৰাজ্যজুৰি ব্যাপক অভিযান চলোৱাৰ মাজতেই বুধবাৰে নাওবৈচাত সংঘটিত হ’ল আন এক ঘটনা।
নাওবৈচাৰ ৰাজহ চক্ৰৰ চৰকাৰী মণ্ডল থানেশ্বৰ বৰাই দীৰ্ঘদিন ধৰি কাৰ্যালয়টোত একাংশ দালালেৰে মিলি দুৰ্নীতিৰ বেহা মেলিছিল। বুধবাৰে এজন ব্যক্তিৰ পৰা উৎকোচ গ্ৰহণ কৰা সময়ত নাওবৈচা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত কৰ্মৰত চৰকাৰী মণ্ডল থানেশ্বৰ বৰাক হাতে-লোটে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
মণ্ডল গৰাকীয়ে উৎকোচ গ্ৰহণ কৰা দৃশ্যও বন্দী কৰা হয়। এই ঘটনাৰে জড়িত থকা অভিযোগত এজন চৰকাৰী গাওঁবুঢ়াকো গ্ৰেপ্তাৰ কৰা হৈছে। চৰকাৰী গাওঁবুঢ়া জনৰ নাম ছয়দুল ইছলাম। উল্লেখযোগ্য যে, এই গাওঁবুঢ়া গৰাকীয়ে ৰাজহ চক্ৰৰ বিষয়া কাৰ্যালয়টোত দীৰ্ঘদিন ধৰি দালাল ৰূপে সক্ৰিয় হৈ আছিল।
লগতে পঢ়ক- মাটিৰ দালালৰ গ্ৰেপ্তাৰৰ বিপক্ষে কংগ্ৰেছী নেতাৰ ক্ষোভ
আনহাতে মাটিৰ দালালীৰ অভিযোগত ব্যৱসায়ী ৰামেশ্বৰ তালুকদাৰক আটক। পুৱতিনিশা গীতানগৰ আৰক্ষীয়ে আটক কৰে ৰামেশ্বৰ তালুকদাৰক। বৃন্দাবন গাৰ্ডেনৰ পৰা আৰম্ভ কৰি একাধিক সম্পত্তিৰ মালিক তালুকদাৰ ।
শিৱসাগৰত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ মাটি বেদখল কৰি কোনে কাৰ নামত নামজাৰি কৰিলে তাৰ উত্তৰ বিচাৰিও বহুবাৰ আবেদন কৰি সুফল নাপালে পৰিয়ালে ।