ডিফু: ষষ্ঠ অনুসূচিৰ অন্তৰ্গত কাৰ্বি আংলংত মাটিৰ দালালি কৰাৰ অভিযোগত আৰক্ষীয়ে কেইবাজনো দালালক আটক কৰাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি ছাথে ক্ৰামচাই।
সভাপতি গৰাকীৰ মতে কাৰ্বি আংলংত গ্ৰেপ্তাৰ হোৱা পাঁচ গৰাকী মণ্ডলৰ ক্ষেত্ৰত কাৰ্বি স্বায়িত শাসিত পৰিষদৰ অনুমতি নোলোৱাকৈ এই কাম কৰিছে। সংবাদমেলত কংগ্ৰেছী নেতা জনে অভিযোগ কৰি কয়, ষষ্ঠ অনুসূচীত অন্তৰ্গত কাৰ্বি আংলংত নিয়মমতে যিকোনো কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা ললে পৰিষদে লব।
গতিকে কাৰ্বি পৰিষদে এইসকলৰ বিৰুদ্ধে ব্যৱস্থা লব লাগে নহলে জিলা কংগ্ৰেছে বিৰোধিতা কৰিব বুলিও কৰিছে মন্তব্য।
উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশত সমগ্ৰ অসম জুৰি মাটিৰ দালালিৰ বিৰুদ্ধে কঠোৰ স্থিতি লোৱা অসম আৰক্ষীয়ে মঙলবাৰেলৈকে পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলংৰ আৰক্ষীয়ে ডংকামোকাম ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত অভিযান চলাই দুই কুখ্যাত মাটিৰ দালাল ৰনজিৎ বে আৰু মোহন সিং টেৰণক আটক কৰে৷উল্লেখ্য যে আটকাধীন দুয়োজন ডংকামোকাম চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মন্দল৷
লগতে পঢ়ক- এক অক্টোবৰৰ পৰা ক’ভিড প্ৰটকল শিথিলৰ ইংগিত মুখ্যমন্ত্ৰীৰ