মানকাচৰ : মাটিৰ দালাল সংক্ৰান্তীয় গোচৰৰ অভিযোগত হাটশিঙিমাৰীৰ এজনক গ্ৰেপ্তাৰ। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ আমজাদ হুছেইন নামৰ দালালজন।
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ফেকামাৰী গাঁৱৰ বাসিন্ধা আমজাদ হুছেইন নামৰ এজন লোকক মাটিৰ দালালিৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আমজাদ হুছেইনক।
আমজাদ হুছেইনৰ বিৰুদ্ধে কেইবাটাও গোচৰ থকা বুলি আৰক্ষী অধীক্ষক সুবোধ সোনোৱাল জানিবলৈ দিয়ে। আৰক্ষীৰ দালাল বিৰোধী অভিযানৰ খবৰ পাই আমজাদ হুছেইন পলায়ন কৰিছিল।
লগতে পঢ়ক : গোসাঁইগাৱত ট্ৰাকৰ তেলৰ টেংকীত ওলাল ১০ কোটি টকা মুল্যৰ আফিং
আমজাদ হুছেইন আগতীয়া জামিন লৈ থানাত উপস্থিত হৈছিল। থানাত হাজিৰ হোৱাৰ লগে লগে আৰক্ষীয়ে আমজাদ হুছেইনক আটক কৰি গ্ৰেপ্তাৰ কৰে। ইতিমধ্যে আদালতত হাজিৰ কৰোৱা হৈছে দালালজনক।