বকোঃ বকোৰ সোণতলিত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। ভূমিকেন্দ্ৰিক সংঘাতে লৈছে ভয়াৱহ ৰূপ। ৬টাকৈ ঘৰ, মটৰ চাইকেল জ্বলাইছে একাংশ উত্তেজিত লোকে। জানিব পৰা মতে, কোৰপান আলী, হেলাছ আলী, ফটিক আলী,ফজৰ আলী,আৰু তাহেজ আলীৰ ঘৰ জ্বলাই দিছে উত্তেজিত ৰাইজে।

দৰাচলতে, আজি দিনৰ ভাগত ভূমিকেন্দ্ৰিক সংঘাতত সৃষ্টি হয়। ভূমি কেন্দ্ৰিক সংঘাতত দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হোৱাত ৩জন লোকে প্ৰাণ হেৰুৱায়।

ইফালে, এই মাৰপিটত আন ২২জনকৈ লোক আহত হয়। বকোৰ সোণতলিত সংঘটিত এই মাৰপিটৰ ঘটনাত নুৰ মহম্মদ, আলী আকব আৰু নুৰুল হক নামৰ তিনিজন লোকৰ মৃত্যু হয়।

জানিব পৰা মতে, আহত ১৭জন লোকৰ অৱস্থা সংকটজনক। তেওঁলোকক প্ৰেৰণ কৰা হৈছে জিএমচিএইচলৈ।

তাৰপাছতে হত্যাৰ অভিযোগত অভিযুক্ত কেইজনৰ বাসগৃহ ভাঙি জ্বলাই দিয়া হৈছে। ৬টাকৈ বাসগৃহ একাংশ উত্তেজিত লোকে জ্বলাই দিয়াত পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰে।

ইতিমধ্যে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত উপস্থিত হৈছে বকো আৰক্ষী। উল্লেখ্য যে, ঘটনা সন্দৰ্ভত সোণতলী আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে পাঁচ জনকৈ লোকক।

আৰক্ষীয়ে আটক কৰা লোক কেইজন ক্ৰমে- ফজৰ আলী, সমেজ আলী, কামাল আলী, তাহেজ উদ্দিন আৰু হবিবৰ ৰহমান। আটাইকেইটা অভিযুক্তক সোণতলী আৰক্ষীয়ে বৰ্তমন জেৰা অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply