মৰাণ: বিগত ৫০ বছৰ ধৰি পট্টাহীন ভাৱে থকা মৰাণৰ দিৰৈ দেওঘৰীয়া বাসীয়ে অৱশেষত পালে মাটিৰ পট্টা । চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত আৰু মাহমৰা ৰাজহ চক্ৰৰ সহযোগত দেওঘৰীয়া ৰঙ্গমঞ্চৰ প্ৰাংগণত অনুষ্ঠিত হোৱা এখন সভাত দেওঘৰীয়াৰ মুঠ ২১৪ টা পৰিয়ালক মাটিৰ পট্টা সমূহ বিতৰণ কৰা হয় ।

এতিয়াৰে পৰা দিৰৈ দেওঘৰীয়া গাঁও ৰাজহ গাঁও হিচাপে অন্তভূক্ত হ’ল । ধেমাজি, মাজুলী আদি বানপিড়ীত অঞ্চলৰ পৰা আহি দেওঘৰীয়াত বসবাস কৰি থকা লোকসকলে এই গাঁওখনতে খেতিবাতি কৰি জীৱন নিৰ্বাস কৰি আছিল । মুঠ ৮০৮ বিঘা মাটিৰ পট্টা দিয়া হয় ।

এই উদ্দেশ্যেৰে অনুষ্ঠিত হোৱা সভাখনত মাহমৰা সমষ্টিৰ বিধায়ক তথা ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহনে বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি পট্টা সমূহ বিতৰণ কৰে ।

মন্ত্ৰীজনৰ উপৰিও চৰাইদেউ জিলা উপায়ুক্ত পল বৰুৱা, চৰাইদেউ জিলা আৰক্ষী অধীক্ষক, মাহমৰাৰ ৰাজহ চক্ৰ বিষয়া, চৰাদেউ জিলাৰ তথ্য আৰু জনসংযোগ বিষয়াৰ সহিতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply