মৰাণ: মৰাণৰ এখন গাঁ‌ৱৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ পিছত তেওলোকে লাভ কৰিলে ভূমিৰ অধিকাৰ।
যাৰ আনন্দত ককাল ঘূৰাই ঘূৰাই নাচিলে মৰাণৰ এখন গাঁ‌ৱৰ মহিলা সকলে । মহিলা সকল নচা দেখি মন্ত্ৰী বিমল বড়াইও হাত চাপৰি মাৰি সহযোগ কৰিলে মহিলা সকলৰ সৈতে ।

মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত মেছলৌ ভৰালী টঙীয়া বনগাঁ‌ও বাসীয়ে পালে মাটিৰ পট্টা । মেছলৌ ভৰালী টঙীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত এক অনুষ্ঠানত মন্ত্ৰী বিমল বড়াই গাঁওখনৰ ১৯ টা পৰিয়াল আৰু ৪ টা ৰাজহুৱা অনুষ্ঠানক বিতৰণ কৰে মুঠ ৪৫০ বিঘা মাটিৰ পট্টা ।

ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, মৰাণ ৰাজহ চক্ৰ বিষয়া সংগীতা শৰ্মা, ডিব্ৰুগড় আৰু খোৱাঙৰ বন বিষয়া দুগৰাকীৰ সহিতে কেইবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিত এই পট্টা সমূহ বিতৰণ কৰে ।

টঙীয়া বনগাঁ‌ও স্থাপনত অৰিহনা যোগোৱা ১৯ জন মুখ্য ব্যক্তিলৈ শ্ৰদ্ধাঞ্জলি জনাই পট্টা সমূহ বিতৰণ কৰাৰ পিছতে গাঁওখনৰ মহিলা সকলে আনন্দত নাচিব ধৰে । প্ৰায় ৭০ বছৰকাল মাটিৰ পট্টাৰ বাবে হাহাকাৰ কৰি থকা পৰিয়াল বোৰৰ মাজত ইয়াকে লৈ আনন্দ বন্যা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply