বৈঠালাংছ’ৰ পৰা জাচন ইংহি: কাৰ্বিআংলং স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্গত ৩নং চিণ্ঠং পৰিষদীয় সমষ্টিৰ ৰংজাংফত বৃহস্পতিবাৰে বিনামূলীয়াকৈ ১০০টা ঘৰ মাটিৰ পট্টা অবিহনে বসতি লোকক মাটিৰ পট্টা প্ৰদান কৰা হয় ।
পট্টাসমূহ আনুস্থানিক ভাৱে বিতৰন কৰে চিন্ঠং পৰিষদ সমষ্টিৰ VDC অধ্যক্ষ থৰছিং চেনাৰয়ে । উল্লেখযোগ্য যে, বৃহত্তৰ ৰংজাংফং, পাতিমুকা এক,পাতিমুকা দুই আদি অঞ্চলৰ এই লোক সকলে মাটিৰ কোনো পট্টা নোহোৱাকৈ যোগ যোগ ধৰি বসবাস কৰি আহিছে।
সেয়ে কাৰ্বিপৰিষদে এই লোক সকলক স্থায়ী ভাৱে বসবাস কৰিবলৈ বাবে সুবিধা কৰি বৃহস্পতিবাৰে আনুস্থানিক ভাৱে এই পট্টা সমূহ বিতৰন কৰে ৷ সভাত VDC অধ্যক্ষ থৰছিং চেনাৰ লগতে ধনছিং বংৰুম, পবিত্ৰ ইংতি আদি বহু বিজেপিৰ দলীয় নেতা কৰ্মী উপস্থিত থাকে।