জামুগুৰিহাটঃ নদুৱাৰৰ অন্তৰ্গত ইটাখোলাস্থিত পশু চিকিৎসা কেন্দ্ৰৰ ভূমি বেদখল ৷ পশু চিকিৎসা কেন্দ্ৰটোৰ সন্মুখৰ ভূমি দখল কৰি একাংশ লোকে ব্যৱসায়ীক প্ৰতিষ্ঠানৰ গৃহ নিৰ্মাণ কৰি ৰমৰমীয়া ব্যৱসায় আৰম্ভ কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে ৷
পশু চিকিৎসা কেন্দ্ৰটোৰ কোঠা, বাৰাণ্ডাৰ লগতে সমগ্ৰ চৌহদ একাংশ ৰাইজে ব্যক্তিগত সম্পত্তিৰ লেখিয়াকৈ ব্যৱহাৰৰ কৰিছে একাংশই ৷
লগতে পঢ়কঃবৰছলাৰ ভৰাশিঙৰীত মহাবাহু ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া
চিকিৎসা কেন্দ্ৰটোৰ এই অৰাজক অৱস্থা সন্দৰ্ভত স্থানীয় সচেতন ৰাইজ ক্ষোভিত হৈ পৰাৰ লগতে ভূমি বেদখল মুক্ত কৰাৰ বাৱে স্থানীয় পঞ্চায়ত প্ৰতিনিধিক দাবী জনাইছে ৷
ইয়াৰোপৰি চিকিৎসা কেন্দ্ৰটোত চিকিৎসক, চিকিৎসাকৰ্মী, ঔষধ আদি যোগান ধৰি চিকিৎসাকেন্দ্ৰটি আধুনিকীকৰণ কৰি তোলাৰ বাবে চৰকাৰক দাবী জনাইছে সচেতন মহলে ৷
৮০ ৰ দশকতে অঞ্চলটোৰ কৃষক ৰাইজৰ স্বাৰ্থত নিৰ্মাণ কৰা পশু চিকিৎসাকেন্দ্ৰটি আধুনিকীকৰণ কৰিলে অঞ্চলটোৰ পশু পালক সকলৰ লগতে কৃষক ৰাইজ উপকৃত হব বুলিও মন্তব্য় কৰে সচেতন ৰাইজে ৷