ৰূপহীহাট : ৰূপহীহাটৰ উত্তৰ খাটোৱালত প্ৰাক্তন পঞ্চায়ত সভাপতিৰ গুণ্ডাগিৰি। এগৰাকী দৰিদ্ৰ মহিলাৰ ভূমি বেদখল কৰাৰ অভিযোগ প্ৰাক্তন পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে। জিলা আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল দৰিদ্ৰ মহিলা গৰাকীৰ।
নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ উত্তৰ খাটোৱালত ৮ নং ওৱাৰ্ডৰ মগৰজান নেছা নামৰ দৰিদ্ৰ মহিলা এগৰাকীৰ ভূমি বেদখল কৰাৰ অভিযোগ উত্তৰ খাটোৱাল পঞ্চায়তৰ প্ৰাক্তন সভাপতি নিজাম উদ্দিনৰ বিৰুদ্ধে। উত্তৰ খাটোৱালৰ মগৰজান নেছাৰ নামত থকা ভূমিত কিছুদিন পূৰ্বে জিয়াবুৰ ৰহমানৰ নামত আৱন্টন হোৱা এটা চৰকাৰী গৃহ নিজাম উদ্দিনে ক্ষমতাৰ অপব্যবহাৰ কৰি নিৰ্মাণ আৰম্ভ কৰিছিল।
ভুক্তভূগী মহিলা গৰাকীয়ে আৰক্ষী ওচৰত এজাহাৰ দাখিল কৰাত বিপিএল ঘৰটো কাম আধাতে বন্ধ কৰা হৈছিল। কিন্তু কিছুদিন পূৰ্বে ছুলেহা খাতুনৰ নামত পুনৰাই চৰকাৰী গৃহ আৱন্টন হোৱাত নিজাম উদ্দিনে দৰিদ্ৰ মহিলা গৰাকীৰ ভূমিত ঘৰ নিৰ্মাণ আৰম্ভ কৰাত অসহায় হৈ পৰিছে দৰিদ্ৰ মহিলা গৰাকীৰ পৰিয়ালটো। এই ঘটনালৈ বিভিন্ন জনৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
লগতে পঢ়ক : জিএমচি কর্তৃপক্ষই যোৱা ১৫ দিনত মহানগৰীৰ বিভিন্ন প্রান্তৰ ৫৫ খন প্রতিষ্ঠানত অভিযান চলায়
মগৰজান নেছাৰ পৈতৃক সম্পত্তি উক্ত মাটিখিনিত নিজাম উদ্দিনৰ দাবী এই যে, নিজাম উদ্দিনৰ ককা দেউতাৰ নাম আৰু মগৰজান নেছাৰ দেউতাকৰ নাম সমিৰ উদ্দিন। দুয়োজনৰ নাম একেই হোৱাৰ বাবে নিজাম উদ্দিনে মগৰজান নেছাৰ ভুমি জোৰ জুলুম কৰি বেদখল কৰাৰ অভিযোগ উঠিছে।।মগৰজান নেছাৰ পৰিয়ালে গাঁৱৰ মাতাব্বৰ সকলৰ ঘৰে ঘৰে গৈ বিচাৰ দিয়াৰ পিছতো কোনো সুফল নোপোৱাত আৰক্ষী থানাতো এজাহাৰ দাখিল কৰিছে।