নলবাৰীঃ কেন্দ্ৰীয় চৰকাৰৰ জনপ্ৰিয় আঁচনি প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিকলৈ আহিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা।প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধি আঁচনিৰ হিতাধিকাৰী সকলক চৰকাৰে অনতিপলমে তেওঁলোকৰ কৃষি ভূমিৰ তথ্য সমূহ পি এম কিষাণৰ তালিকাত অন্তৰ্ভূক্ত কৰিবলৈ জাননী জাৰী কৰিছে।

নলবাৰী জিলাৰ পি এম কিষাণৰ যোগ্য হিতাধিকাৰী সকলক মাটিৰ জমাবন্দি,পি এম কিষাণৰ পঞ্জীয়ন নম্বৰ, আধাৰ কাৰ্ড, বেংক পাছ বুকৰ প্ৰথম পৃষ্ঠাৰ ফটোষ্টেট কপি অতি সোনকালে নিজ নিজ কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়াৰ হাতত জমা দিবৰ বাবে আহ্বান জনায় নলবাৰী জিলা কৃষি বিষয়া হাবিবুল হকে ।

লগতে যি সকল হিতাধিকাৰিয়ে এতিয়ালৈকে কে ৱাই চি সম্পন্ন কৰা নাই তেওঁলোকক ওচৰৰ ৰাজহুৱা সেৱা কেন্দ্ৰ অথবা কৃষি বিষয়া কাৰ্যালয়ত থকা কেন্দ্ৰটোত ই কে ৱাই চি সম্পন্ন কৰিবলৈও আহ্বান জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply