জাচন ইংহি, বৈঠালাংছ’ : পশ্চিম কৰ্বি আংলং জিলাৰ বিথুং ৰেংথামা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কলঙাত সোমবাৰে ৭ সহস্ৰাধিক লোকক মাটিৰ পট্টা প্ৰদান কৰা হয়। ৭ সহস্ৰাধিক লোকক আনুষ্ঠানিকভাৱে পট্টা প্ৰদান কৰে কাৰ্বি পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে।

মাটিৰ পট্টা বিতৰণ সভাত বিভিন্ন ৰাজনৈতিক দলৰ মুঠ ৮৯ টা পৰিয়ালে নিজ নিজ দল ত্যাগ কৰি বিজেপি দলত যোগ দিয়ে।বিজেপিত নতুনকৈ যোগদান কৰা লোকসকলক আদৰণি জনাই কাৰ্বি পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ভাষণ প্ৰসঙ্গত কয় যে,”বৰ্তমানৰ বিজেপি চৰকাৰখনে দেশৰ জনগনৰ প্ৰতি যি সেৱা আগবঢ়াই আহিছে তাত সন্তুষ্টি প্ৰকাশ কৰি এই লোকসকলে বিজেপি দলত যোগদান কৰিছে।

লগতে পঢ়ক : বিউটি পাৰ্লাৰ, চেলুন আৰু স্পাৰ ক্ষেত্ৰত পৌৰ নিগমৰ নিৰ্দেশনা সলনি হ’ব নেকি

কাৰ্বি পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় “বিভিন্ন দলৰ লোকে বিজেপিত যোগদান কৰাৰ পৰা এইটো স্পষ্ট হৈছে যে আগন্তুক কাৰ্বি পৰিষদৰ নিৰ্বাচনত সমষ্টিটোৰ লগতে পাৰ্বত্য জিলাখনতেই বিৰোধী শূন্য হৈ পৰিব।” সভাত সাংসদ হৰেণ সিং বে, হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰছিং ৰংহাং, কাৰ্বি পৰিষদৰ ই এম লুনচিং টেৰন, জিলা বিজেপিৰ সভাপতি ৰদীপ ৰংহাং আদি বহুকেইজন নেতা উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply