গুৱাহাটী : ভূমি আৰু ৰাজহ সম্পৰ্কীয় অভিযোগসমূহ ক্ষীপ্ৰ নিষ্পত্তিৰ বাবে জনসাধাৰণৰ নিচেই কাষলৈ যাব কামৰূপ মহানগৰ জিলা প্ৰশাসন। এতিয়াৰে পৰা প্ৰতি দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত ৰাজহ চক্ৰ বিশেষে ৰাজহ চক্ৰ বিষয়া, সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত জনসাধাৰণৰ সৈতে উপায়ুক্ত পল্লৱ গোপাল ঝাই লোক আদালত অনুষ্ঠিত কৰি নিষ্পত্তি কৰাৰ প্ৰচেষ্টা চলাব তেওঁলোকৰ বিভিন্ন ভূমি আৰু ৰাজহ সম্পৰ্কীয় অভাৱ-অভিযোগসমূহ।

আজি গুৱাহাটী, চন্দ্ৰপুৰ আৰু সোণাপুৰ ৰাজহ চক্ৰৰ জনসাধাৰণৰ অভিযোগ নিষ্পত্তিৰে এই বিশেষ ‘লোক আদালত’ কাৰ্যসূচীৰ আৰম্ভ কৰা হয়। দ্বিতীয়খন লোক আদালতখন অনুষ্ঠিত কৰা হ’ব অহা ২৬ ফেব্ৰুৱাৰীত। আনহাতে, পৰৱৰ্তী সময়ত দূৰণিৰ বা শাৰীৰিকভাৱে উপস্থিত থাকিব নোৱাৰা লোকসকলৰ সুবিধাৰ্থে ‘ভাৰ্চুৱেল’ লোক আদালতৰো ব্যৱস্থা কৰা হ’ব।

ইতিমধ্যে উপায়ুক্তৰ প্ৰথমখন লোক আদালত আজি আৰম্ভ হয় তিনিওটা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়তে। এই তিনিও ৰাজহ চক্ৰৰ ৰাজহ আৰু ভূমি সম্পৰ্কীয় অভিযোগ থকা জনসাধাৰণে পুৱা ১০:৩০ বজাৰ পৰা আবেলি ১ বজালৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই লোক আদালতত অংশগ্ৰহণ কৰে।

লগতে পঢ়কঃগোৰেশ্বৰৰ বালাবাৰীত অজগৰ উদ্ধাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply