গুৱাহাটী: মহানগৰীত নতুন ৰূপত এইবাৰ প্ৰৱঞ্চনাৰ জাল মেলিছে একাংশ ভাড়াতীয়াই।

ভাড়াতীয়াই কৌশলেৰে মালিক একলাখ টকা নিদি উধাও হ’ল ভাড়াঘৰৰ পৰা।

মহানগৰীৰ ছয়মাইলস্থিত ভি আই পি ৰোডৰ  ডাইমণ্ড এপাৰ্টমেন্টত সংঘটিত হয় এই ঘটনা।
মহানগৰীৰ নিবাসী কেশৱ চন্দ্ৰ গগৈৰ এটা ফ্লেট ভাড়ালৈ লৈছিল ১ বছৰ পূৰ্বে  লৈছিল অৰ্পনা ডেকা বৰুৱা নামৰ এগৰাকী মহিলাই ।

এমাহ ভাড়া দিয়াৰ পিছত বিভিন্ন অজুহাত দেখুৱাই ১১ মাহ ধৰি দিয়া নাছিল ফ্লেটৰ ভাড়া ।

কেশৱ চন্দ্ৰ গগৈক এখন ভুৱা  চেক দি দুই পুত্ৰ সহ পলাই যোৱাৰ অভিযোগ মালিকপক্ষৰ।
দুই পুত্ৰও এই প্ৰৱঞ্চনাৰ সৈতে জড়িত থকাৰ অভিযোগ ।

মৃত  ডাঃ যাদৱ চন্দ্ৰ ডেকাৰ  পৰিচয় পত্ৰ প্ৰথমে ব্যৱহাৰ কৰি ঘৰ ভাড়া লয় আৰু ছয় মাহ মান থকাৰ পিছতে মহিলাগৰাকী আগতেও পলায়ন কৰাৰ অভিযোগ।
ইফালে বৃদ্ধা মহিলাগৰাকীয়ে পুৰ্বেও মহানগৰীত এনে  ধৰণৰ প্ৰৱঞ্চনা কৰাৰ গুৰুতৰ অভিযোগ আছে ।
কেশব চন্দ্ৰ গগৈয়ে জানিবলৈ দিয়া মতে, ২০২১ চনৰে ডিচেম্বৰৰ ২ তাৰিখৰ পৰা দেউতাক প্ৰয়াত খানাপাৰা পশু চিকিৎসালয়ৰ চিকিৎসক যাদব চন্দ্ৰ ডেকাৰ পৰিচয় লৈ তেওলোকৰ ঘৰত ভাড়াতীয়া হিচাবে থাকিবলৈ চুক্তি কৰিছিল।

মাত্ৰ এমাহৰ ভাড়া দিয়াৰ পিছত লকডাউন আৰু সমস্যাৰ কথা দোহাই দি ভাড়া নিদিয়াকৈ আছিল। ইতিমধ্যে তেওলোকৰ পৰা পাব লগীয়া পৰিমানে লাখৰ ঘৰ অতিক্ৰম কৰাত পৰিয়ালটোৱে তেওলোকক নজনোৱাকৈ যাবলৈ লোৱাৰ সময়ত ধৰা পেলোৱাত এখন চেক দিয়ে।

চেকখন বাউঞ্চ হোৱা বিষয়টো জনোৱাৰ পিছৰে পৰা পৰিয়ালটো পলাই আছে। পৰিয়ালটোৰ প্ৰবঞ্চনাৰ বলী হোৱা গগৈৰ পৰিয়ালে সকলোকে সাবধান হোৱাৰো আহ্বান জনাই।

লগতে পঢ়ক- শিৱসাগৰ জিলাৰ আমগুৰিৰ দ-ঘৰফলীয়াৰ পৰা কলেজীয়া ছাত্ৰী নিৰুদ্দেশ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply