সোণাৰি : ৰাজ্যিক পুৰাতত্ব বিভাগৰ অমনোযোগিতাৰ বাবেই এতিয়া বহু ঐতিহাসিক সম্পদ অস্তিত্বৰ সংকটত। আহোম ৰাজত্বকালৰ বহু কীৰ্তিচিহ্ন আজি উপযুক্ত সংৰক্ষণৰ অভাৱ ঘটাই নহয় ধ্বংসৰ গৰাহত পৰি বিলুপ্তিও ঘটিছে।
আহোম ৰাজত্বকালৰ প্ৰথমটো স্থায়ী ৰাজধানী চৰাইদেউত অৱস্থিত আহোম ৰজা তথা ডা-ডাঙৰীয়া সকলৰ মৈদাম তথা চৰাইদেউ দেওশালৰ মাটি অবাধে বেদখল কৰি একাংশই এতিয়া চাহ বাগিচা স্থাপন কৰাৰ লগতে ঘৰ-বাৰী সাজি বসবাস কৰাও পৰিলক্ষিত হৈছে। তাৰ পিছতো কিন্তু কাণসাৰ নাই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ।
যাৰ ফলত এতিয়া একাংশ দুষ্কৃতিকাৰীৰ হাতোৰাত পৰি নিশ্চিহ্ন হোৱাৰ দিশে গতি কৰিছে বহু ঐতিহাসিক সম্পদে। তাৰ উদাহৰণ চৰাইদেউৰ লাংকুৰী দৌলত দুষ্কৃতিকাৰীৰ খননকাৰ্য। শেহতীয়াকৈ যোৱা ২০ আগষ্টৰ নিশা দুষ্কৃতিকাৰীয়ে লাংকুৰী দৌলৰ দক্ষিণ দিশত খনন চলাই ইটাৰ দেৱাল ক্ষতিগ্ৰস্ত কৰি তোলে যদিও অৰ্ধ খনন অৱস্থাতে এৰি যায়। এই তথ্য পোহৰলৈ অহাৰ লগে লগে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সমগ্ৰ চৰাইদেউ জিলাত।
সন্দেহ অনুসৰি ৰজাদিনীয়া ধন-সোণৰ সন্ধানত দুষ্কৃতিকাৰীয়ে নিশাৰ আন্ধাৰৰ সুযোগ লৈ দৌলৰ ভগ্নস্তুপত খননকাৰ্য চলাইছিল। ইফালে বুৰঞ্জীত উল্লেখ থকা গোটা দৌল হিচাপে বিখ্যাত লাংকুৰী দৌলত এনেদৰে চোৰাং কৈ খান্দিবলৈ কৰা চেষ্টা দেখি অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।
লাংকুৰী দৌলত খননকাৰ্যৰ খবৰ পোৱা লগে লগে লাংকুৰী দৌলত বিভাগৰ বিষয়া বৰ্গ উপস্থিত হৈ অনুসন্ধান কৰে আৰু এই সন্দৰ্ভত লগে লগে মথুৰাপুৰ থানাত এজাহাৰ দাখিল কৰা হয় আৰু লগে লগে মথুৰাপুৰ আৰক্ষীৰ এটা দলে ঘটনাস্থলী পৰিদৰ্শন কৰে।
আনহাতে এই সন্দৰ্ভত মথুৰাপুৰ আৰক্ষী থানাত ৬৪/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা নং ৪৪৭, ৪২৭ আৰু R/W section Ancient historical monument and archeological and remain act ৰ অধীনত মথুৰাপুৰ আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।
আনহাতে প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ দলটোৱে অনুসন্ধান কৰি অৱগত হয় যে দুস্কৃতিকাৰীৰ দলটোয়ে কেৱল ভঙা ইটা আৰু মাটিৰ দম খান্দি কিছু ক্ষতি সাধন কৰে যদিও প্ৰত্নতত্ত্ব সঞ্চালকালয়ে দুই এদিনৰ ভিতৰত লাংকুৰী দৌলৰ উক্ত খন্দা অংশটো যথা নিয়মে সংৰক্ষণৰ ব্যৱস্থা কৰিব বুলি জানিবলৈ দিছে প্ৰত্নতত্ত্ব বিভাগৰ বিষয়া নৱজিৎ দেউৰীয়ে।
উল্লেখ্য যে স্বৰ্গদেউ চাওলুং চুকাফাই পাটকাই পাৰ হৈ আহি বিভিন্ন ঠাইত ৰাজধানী স্থাপন কৰিছিল যদিও শেহত ১২৫৩ খ্ৰীষ্টাব্দত চৰাইদেউৰ পৰ্বতত স্থায়ী ৰাজধানী স্থাপন কৰাৰ সমান্তৰালকৈ পৰ্বতৰ শিখৰত সমূহীয়া উপাসনাস্থলী চৰাইদেউ দেওশাল স্থাপন কৰিছিল।

চাওলুং চুকাফাই টাই আহোমসকলৰ লগতে থলগিৰি ৰাইজৰ সুবিধাৰ্থে স্থাপন কৰা এই দেওশালত জনগোষ্ঠী সমূহৰ দেৱ-দেৱীৰ পূজা কৰাৰ উপৰিও টাইসকলৰ উপাস্য দেৱতাক উপাসনা কৰা বুলি বুৰঞ্জীত উল্লেখ আছে। আনহাতে স্বৰ্গদেউ গদাধৰ সিংহই দেওশালৰ কাষৰ পৰ্বতত আহোম সকলৰ লগতে থলগিৰি ৰাইজৰ সুবিধাৰ্থে লাংকুৰী দৌল নিৰ্মাণ কৰিছিল।
এই লাংকুৰী দৌলত দুষ্কৃতিকাৰীৰ হাতোৰা পৰাত এতিয়া বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে ৰাজ্যিক প্ৰত্নতত্ত্ব বিভাগৰ বিৰুদ্ধে। টাই আহোম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় মুখপাত্ৰ নৱদ্বীপ বৰুৱাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পুৰাতত্ব বিভাগৰ অমনোযোগিতাৰ বাবেই এতিয়া ঐতিহাসিক লাংকুৰী দৌলত দুষ্কৃতিকাৰীৰ খননকাৰ্য চলা বুলি মত প্ৰকাশ কৰে।
ইফালে ইতিহাস অধ্যয়নকাৰী উদয় ৰাজকোঁৱৰেও এই সন্দৰ্ভত মত প্ৰকাশ কৰি চৰকাৰৰ সুনিৰ্দিষ্ট পৰিকল্পনাৰ অভাৱৰ বাবে এতিয়া ঐতিহাসিক সম্পদসমূহ সংৰক্ষণৰ অভাৱ বুলি মন্তব্য কৰে ।সুস্মিতা দেবৰ তৃণমূল যাত্ৰা: অসমৰ ৰাজনীতিত সম্ভাব্য প্ৰভাৱ