বঙাইগাঁও : অসম লোকসেৱা আয়োগৰ পৰীক্ষাত এতিয়াৰ পৰা প্ৰাৰ্থীয়ে লিখিব নালাগে আনকি অসমীয়া ভাষাৰ যোগ্যমূলক কাকতখনো। অসমীয়াৰ লগতে আন সহযোগী ৰাজ্য ভাষা ক’ব পাৰিলেই হ’ব। অসম লোকসেৱা আয়োগৰ পৰীক্ষা সন্দৰ্ভত অসম চৰকাৰৰ কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
আজি অসম চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয় বঙাইগাঁৱত। অসম চৰকাৰৰ কেবিনেট বৈঠকত অসম লোকসেৱা আয়োগৰ পৰীক্ষা সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।এতিয়াৰে পৰা অসম লোকসেৱা আয়োগৰ পৰীক্ষাত কোনোধৰণৰ ভাষা বিষয়ৰ পেপাৰ নাথাকিব বুলি কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়।
অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসমীয়া বিষয়টো বাধ্যতামূলক। লোকসেৱা আয়োগৰ পৰীক্ষাত অসমীয়া ভাষা বাধ্যতামূলক হোৱাৰ বাবে অসমীয়া ভাষা ভালকৈ নজনা বহু জনজাতীয় ছাত্ৰ-ছাত্ৰী সমস্যাৰ সন্মুখীন হ’ব লগীয়া হয় বাবেই কেবেনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ লগতে ইংৰাজী ভাষাটো বাধ্যতামূলক থকাত অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰী সকলে সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় বাবে ভাষা বিষয়টো উঠাই দিয়া হৈছে।
নতুন শিক্ষা নীতি বলৱতৰ বাবে ২০২২ ত প্ৰস্তুত কৰা হ’ব প্ৰয়োজনীয় আন্তঃগাঁথনি। নতুন শিক্ষা নীতিৰ অনুকৰণত শিক্ষাৰ সংস্কাৰ হ’ব বুলিও বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়। ২০২৩ ৰ পৰা পাঠ্যপুথি উপলব্ধ হোৱাৰ লগতে প্ৰয়োজন অনুসাৰে বিদ্যালয়ত যোগান ধৰা হ’ব ভাষাৰ পাঠ্যপুথি।
লগতে পঢ়ক : টীয়কৰ ঐতিহাসিক লাচিত মৈদামতো দিনযোৰা কাৰ্যসূচীৰে লাচিত দিৱস উদযাপন
ইফালে, নতুন শিক্ষা নীতি বলৱত হ’লে মেট্ৰিক অনুষ্ঠিত হ’ব যদিও পূৰ্বৰ দৰে গুৰুত্ব কমাৰ সম্ভাৱনা আছে বুলি কেবিনেট বৈঠকৰ অন্তত সংবাদমেলত উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নতুন শিক্ষা নীতি অনুসৰি ২০২৩ ৰ ১ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব পাঠ্যক্ৰম বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে। ৰাষ্ট্ৰীয় শিক্ষানীতিক অনুকৰণ কৰি ৰাজ্যৰ শিক্ষা ব্যবস্থাক ন-ৰূপত গঢ়ি তোলা। ইয়াৰ ফলত ৫+৩+৩+৪ সংখ্যা মতে শ্ৰেণীসমূহ বিভাজন কৰা হ’ব। অৰ্থাৎ ৫ সংখ্যা প্ৰাথমিক শ্ৰেণীসমূহ অন্তর্ভুক্ত হৈ বুনিয়াদী বিদ্যালয় বুলি কোৱা হ’ব। ঠিক তেনেদৰে বাকীসমূহ প্ৰস্তুতি পৰ্ব, মধ্যম বৰ্গ আৰু ছেকেণ্ডাৰী স্কুল হিচাপত শ্ৰেণীসমূহ ১৫ টা বৰ্ষলৈ বিভাজন কৰা হ’ব।
বঙাইগাঁৱৰ পিছত হাফলঙত ৫ জানুৱাৰীত অনুষ্ঠিত হ’ব কেবিনেট বৈঠক। আনহাতে, ডিচেম্বৰত কেউখন কেবিনেট গুৱাহাটীতে অনুষ্ঠিত হোৱাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।
অসমৰ সত্ৰসমূহ বেদখলমুক্ত কৰাৰ বাবে তিনিজনীয়া সমিতি গঠন কৰা হ’ব। উক্ত সমিতিত আছে মৃণাল শইকীয়া (বিধায়ক খুমটাই), ৰূপক শৰ্মা (বিধায়ক নগাঁও) আৰু প্ৰদীপ হাজৰিকা (বিধায়ক আমগুৰি)।
৬ আৰু ৭ জানুৱাৰীত চৰকাৰী কাৰ্য্যালয়ৰ কৰ্মচাৰীৰ ছুটি মঞ্জুৰ কৰা হ’ব। অৰ্থাৎ পিতৃ-মাতৃ অথবা শাহু দেউতাক-মাক থকা লোকসকলে এই দুদিন অতিৰিক্ত ছুটী লাভ কৰিব। এই ছুটি মন্ত্রী বিধায়কৰ লগতে উচ্চ পদস্থ বিষয়াসকলেও লাভ কৰিবলৈ সক্ষম হ’ব। আৰক্ষীয়ে এই ছুটি লাভ কৰিবলৈ সক্ষম নহ’ব।
চৰকাৰী চাকৰিৰ উপৰিও মেডিকেল, ইঞ্জিনিয়াৰিং বিভাগত নিয়োগৰ বাবে প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হ’ব। ইয়াৰ ফলত প্ৰত্যেকখন জিলাৰ ১০০ মেধাবী শিক্ষার্থীয়ে এই প্ৰশিক্ষণ লাভ কৰিব। লগতে নিয়োগ প্ৰক্ৰিয়াৰ বাবে যুৱ আয়ুক্ত গঠন কৰা হ’ব।
বিদেশী বহিষ্কৰণ আন্দোলনত শ্বহীদ হোৱা লোকসকলৰ বাবে ট্ৰাষ্ট মুকলি কৰা হ’ব। য’ত সাধাৰণ সোকসকলেও দান-বৰঙণি আগবঢ়াব পাৰিব।
চহৰত ভূমি ক্ৰয়ৰ বাবে ২০ বছৰ দখলত থকা সময়সীমা হ্ৰাস কৰি ১০ বছৰ কৰা হ’ব।
২৫ লাখৰ ওপৰৰ টেণ্ডাৰৰ কাম ই-টেণ্ডাৰ অৰ্থাৎ অনলাইন প্ৰক্ৰিয়াৰে কৰিব লাগিব।