লংকা- হোজাইৰ লংকাত মৃতদেহ উদ্ধাৰ। মৃতদেহটো লংকাৰ বৰদলঙৰ নিৱাসী শংকৰ দেৱনাথৰ বুলি চিনাক্ত।

দেওবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল ব্যক্তিজন। পৰিয়ালৰ লোকে দেওবাৰৰ পুৱাৰ পৰা বিচাৰ-খোচাৰ কৰিও কোনো সন্ধান লাভ কৰিব নোৱাৰি লংকা আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ।

সোমবাৰে পুৱা পথৰ দাঁতিত মৃতদেহটো  প্ৰত্যক্ষ কৰি স্থানীয় লোকে লগে লগে আৰক্ষীক খবৰ দিয়ে।

কোনো লোকে শংকৰ দেৱনাথক হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

ইতিমধ্যে লংকা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply