লংকাঃ লংকা চহৰৰ মাজমজিয়াত অৱস্থিত গুৰুদ্বাৰত উপস্থিত হয় অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন।
সদৌ অসম অসমীয়া শিখ সন্থাৰ সভাপতি ৰাজবীৰ সিঙৰ সৈতে উপস্থিত হোৱা উপাধ্যক্ষ গৰাকীক লংকা গুৰদ্বাৰ সমিতিৰ বিষয়ববীয়া সকলে পৰম্পৰাগত ৰীতি-নীতিৰে আদৰণি জনায়।
লগতে পঢ়কঃমাতৃত্বৰ গৌৰৱ অৰ্জন অভিনেত্ৰী তথা তৃণমূল কংগ্ৰেছৰ সাংসদ নুছৰত জাহানৰ
ইপিনে, জীৱনত প্ৰথমবাৰৰ বাবে গুৰদ্বাৰত প্ৰৱেশ কৰি আৰ্শীবাদ লৈ মনতো বহুত পবিত্ৰ অনুভৱ কৰা বুলি উল্লেখ কৰিলে বোকাজানৰ বিধায়ক তথা উপাধ্যক্ষ ডাঃমমিনে।
আনহাতে, বৰ্তমান অসম বিধান সভাৰ কাৰ্যাৱলী পূৰ্বৰ তুলনাতকৈ বহুখিনি শান্তিপূৰ্ণ চলা বুলি মন্তব্য কৰে ডাঃমমিনে।
অখিল গগৈ প্ৰসংগত সাংবাদিকে শোধা এক প্ৰশ্নৰ উত্তৰত এজনীয়া দলৰ লোকজনৰহে টিআৰপি বাঢ়িব বুলি কৈ মন্তব্যৰ পৰা বিৰত থাকে ডা:মমিন।