লংকাঃ হোজাই জিলাৰ কাকীৰ বিভিন্ন প্ৰান্তৰ লোকৰ এটা চিনাকী নাম”মনমালা”। পুৱা হ’লেই ঘৰে ঘৰে ,পদূলিয়ে পদূলিয়ে আহে “মনমালা”।

কলগছ,ধান,চাউল,কল,বিস্কুত যি যেনেকৈ পাৰে মনমালাক দিয়ে । ঘৰৰ কণমানি কেইটাইও ৰৈ থাকে মনমালালৈ। এপাক পিঠিত উঠি নিজ গাওঁখন ফুৰি আহিবলৈ। তাইও সকলোৰে মনত এক ৰঙৰ বুল সানি ফুৰাই আনে।

লদতে পঢ়কঃগোৰেশ্বৰত পথ দুৰ্ঘটনাঃএজনৰ অৱস্থা সংকটজনক

কিন্তু হঠাৎ আজি “মনমালা” হেৰাই গ’ল। সকলোৰে বুকু,ঘৰৰ চোতাল,পদূলি উকা কৰি তাই গুছি গ’লগৈ। তাইৰ লগত লাগি থকা মাউট আজি অকলশৰীয়া।

বিগত কেইবাদিন ধৰি মনমালা নামৰ হাতীটো ৰোগত আক্ৰান্ত হৈ আছিল। মুখৰ ভিতৰত এদুখৰ ঘা হোৱাত খোৱাবোৱা এৰি দিছিল। চিকিৎসাও কৰা হৈছিল। কিন্তু বুধবাৰে বিয়লি ৩মান বজাত সকলোকে এৰি ৪৫ বছৰীয়া মনমালা অজান দেশলৈ গুচি যায়গৈ।

মনমালাৰ মৃত্য়ুত শোকাকুল হোজাইৰ কাকীবাসী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply