লংকাঃ লংকাৰ কাকীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা তিৱা জনজাতিৰ লোকসকলৰ পৰম্পৰাগত ‘ৱানছ্যুৱা উৎসৱটি’ সফলতাৰে সামৰণি পৰে।

এই উৎসৱটিত চুবুৰীয়া ৰাজ্য মেঘালয়কে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ তিৱা জনগোষ্ঠীৰ লোকসকলে অংশগ্ৰহণ কৰে ৷

প্ৰতি তিনি আৰু চাৰিবছৰৰ অন্তৰে অন্তৰে পালন কৰা এই ৱানছ্যুৱা উৎসৱটিত পৰম্পৰাগতভাৱে ডেকাচাঙৰ বিষয়ববীয়া সকলক সালসলনি কৰে ৷

লগতে পঢ়কঃমৰাণত কণ্ঠশিল্পী বিপিন চাউদাঙৰ “ডিস্ক’ ডান্স” মুকলি

অসমীয়াত পিঠাগুৰি খুন্দা উৎসৱ বুলি কোৱা হয়। এই উৎসৱটিত মূলতে পুৰুষসকলে জনগোষ্ঠীয় সাজসজ্জা পিন্ধি পিঠাগুৰি খুন্দা কাৰ্যত অংশ গ্ৰহণ কৰে ৷

এইবাৰ পোনপ্ৰথমবাৰৰ বাবে কাকী পুৰণাকাকীত অনুষ্ঠিত হোৱা উৎসৱটিত তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ,পৰিষদৰ অধ্যক্ষ মদন বৰদলৈ, গোফা ৰজা দ্বীপসিং দেউৰী, তিৱা সাহিত্য সভাৰ সভাপতি মহেশ্বৰ পাটৰ, সদৌ অসম ট্ৰাইবেল সংঘৰ সভাপতি ৰিমন আমছী আৰু তিৱা মহিলা সুৰক্ষা সমিতিৰ সভাপতি জোনালী মিঠিকে ধৰি বহু তিৱা জনগোষ্ঠীয় সংগঠনৰ নেতা কৰ্মী সকল উপস্থিত থাকে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply