ছয়গাঁওঃ অবৈধ কাঠফলা কলৰ বিৰুদ্ধে বন বিভাগৰ অভিযান। পলাশবাৰী সমষ্টিৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৰ ৰাণীবাৰীত আৰক্ষীৰ সহযোগত বন বিভাগে চলাই এই অভিযান।

অভিযান কালত বৃহৎ পৰিমাণৰ মূল্যবান শাল কাঠৰ লগতে অন্য বহু পৰিমাণৰ ফলা কাঠ জব্দ কৰে বন বিভাগে৷ জানিব পৰা মতে, পশ্চিম কামৰূপ বনসংমণ্ডল প্ৰাধিকাৰী বিষয়া ডিম্পী বৰাৰ নেতৃত্বত চলোৱা হয় এই অভিযান।

লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া চেমিম আখটাৰ, কুলশী বন কাৰ্যালয়ৰ বন বিষয়া দ্বীপন ডেকাৰৰ সহযোগত পশ্চিম কামৰূপ বন সংমণ্ডলৰ এটা বন বিভাগৰ বৃহৎ দলে অভিযান চলাই এই অবৈধ কাঠসমূহ জব্দ কৰিবলৈ সক্ষম হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply