গুৱাহাটীঃ মঙলবাৰে কামাখ্যা ৰে’ল ষ্টেচনত কামাখ্যা ৰে’লৱে আৰক্ষী এটা টহলদাৰী দলে বৃহৎ পৰিমাণৰ মৰফিনসহ এজন যুৱকক আটক কৰে।
ধৃত যুৱকজনৰ নাম সমীৰ খান আৰু তেওঁৰ ঘৰ মণিপুৰত বুলি জানিব পৰা গৈছে।
২৬ বছৰীয়া যুৱকজনে কামাখ্যা ষ্টেচনৰ দেৱাল পাৰ হৈ শৰাইঘাট এক্সপ্ৰেছত উঠিবলৈ চেষ্টা চলাওঁতেই ৰে’ল আৰক্ষীয়ে যুৱকজনক প্ৰত্যক্ষ কৰি আটক কৰে।
আৰু পঢ়কঃমহানগৰী গুৱাহাটীত জব্দ বৃহৎপৰিমাণৰ সোণ
আৰক্ষীয়ে যুৱকজনক সোধা-পোছা কৰি তালাচী চলোৱাত সকলো কথা স্পষ্ট হয়।
যুৱকজনৰ বেগৰ পৰা ৰে’ল আৰক্ষীয়ে উদ্ধাৰ কৰে ১ কেজি ৭০০ গ্ৰাম ওজনৰ মৰফিন। ৰে’ল আৰক্ষীৰ সূত্ৰই জনোৱা মতে, জব্দ কৰা মৰফিনখিনিৰ বজাৰ মূল্য প্ৰায় ৪২ লাখ টকা হ’ব।