ডিফুঃ শনিবাৰে কাৰ্বি আংলং জিলাৰ ডিফুত বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য বিনষ্ট কৰা হয়। অসম আৰক্ষীয়ে ডিফুত অনুষ্ঠিত কৰা এক ড্ৰাগছ বিনষ্ট অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। বিভিন্ন প্ৰকাৰৰ নিচাজাতীয় দ্ৰব্যত নিজ হাতেৰে অগ্নিসংযোগ কৰে মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে অসমত নিচাজাতীয় দ্ৰব্য সৰবৰাহৰ পথৰ লগতে সেৱন সম্পূৰ্ণৰূপে বন্ধ নোহোৱা পৰ্যন্ত আৰক্ষীৰ নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযান অব্যাহত থাকিব। নিচাজাতীয় দ্ৰব্যৰ বেহাৰ লগত জড়িত ব্যক্তি সকলৰ বিৰুদ্ধে অসম আৰক্ষী কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। আৰক্ষীয়ে আইনৰ ভিতৰত থাকি নিচাজাতীয় দ্ৰব্যৰ লগত জড়িত ব্যক্তি সকলৰ বিৰুদ্ধে অভিযান চলাই যাব।

আৰু পঢ়কঃমন্ত্ৰীৰ সন্মুখতে হিয়া ঢাকুৰি কান্দিলে স্বামী হাৰা মহিলাই

এইদৰে বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য জুইত বিনষ্ট কৰি আমি সর্বসাধাৰণ ৰাইজক নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে সজাগ কৰিব বিচৰিছো বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

বিগত সময়ছোৱাত অসম আৰক্ষীয়ে অভিযান চলাই জব্দ কৰা ড্ৰাগছ সমূহ আজি জুই লগাই বিনষ্ট কৰা হয়। আজি মুখ্যমন্ত্ৰীয়ে গোলাঘাট আৰু ডিফুত নিচাজাতীয় দ্ৰব্য বিনষ্ট কাৰ্যসূচীত অংশগ্ৰহণ কৰি নিচাজাতীয় দ্ৰব্যত অগ্নিসংযোগ কৰে। অহাকালি নগাঁও আৰু হোজাই জিলাত এইদৰে নিচাজাতীয় দ্ৰব্য বিনষ্ট কৰা হ’ব। অসম আৰক্ষীয়ে জব্দ কৰা মুঠ ১৬৩ কোটি টকাৰ নিচাজাতীয় দ্ৰব্য পৰৱৰ্ত্তী সময়তো এইদৰে জুই লগাই বিনষ্ট কৰা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply