গুৱাহাটী : তালিকাৰ পৰা মাটিৰ দালালৰ নাম কৰ্তনৰ বাবে ধন বিচাৰি গ্ৰেপ্তাৰ লাট মণ্ডল। গুলজাৰ হুছেইন নামৰ লাট মণ্ডলজনক গ্ৰেপ্তাৰ কৰিলে দুৰ্নীতি নিবাৰক শাখাই। ভঙাগড়ত অভিযান চলাই গুলজাৰ হুছেইনক গ্ৰেপ্তাৰ।
এফালে মাটিৰ দালালৰ বিৰুদ্ধে অভিযান, আনফালে তালিকাৰ পৰা মাটিৰ দালালৰ নাৰ কৰ্তনৰ নামত দালালি। মাটিৰ দালালৰ তালিকাৰ পৰা নাম কৰ্তনৰ বাবে ধন বিচাৰি জালত পৰিল এজন লাট মণ্ডল। গুলজাৰ হুছেইন নামৰ লাট মণ্ডলজনে মাটিৰ দালালৰ পৰা তালিকাৰ পৰা নাম কৰ্তনৰ বাবে ধন বিচাৰিছিল।
লগতে পঢ়ক : আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰা হাফিজ উদ্দিন পৰিল জালত
শোণিতপুৰ জিলাৰ ঠেলামৰা ৰাজহ চক্ৰ কাৰ্যালয়ত লাট মণ্ডল হিচাপে কৰ্মৰত গুলজাৰ হুছেইনে মাটিৰ দালালৰ তালিকাৰ পৰা নাম কৰ্তনৰ বাবে দালালৰ পৰা লাখ লাখ টকা বিচাৰিছিল। গুৱাহাটীত ধনৰ লেনদেন কৰিবলৈ আহি লাট মণ্ডল গুলজাৰ হুছেইন দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে।