নিউজ ডেস্কঃ ৰাজ্য চৰকাৰখনে চৰকাৰী কৰ্মচাৰীক বুজাই হে বুজাই কিন্তু তেওঁলোক যেন বুজিবলৈ অবুজন। দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিছে যদিও কিছুমান চৰকাৰী বিষয়াক আজিও যেন সঠিক পথত আনিবলৈ সক্ষম হোৱা নাই।
তেনেতে বুধবাৰে, ১৩ হাজাৰ টকাৰ উৎকোচ লওঁতেই হাতে লোটে গ্ৰেপ্তাৰ দক্ষিণ শালমাৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল । লাট মণ্ডল আবু তালেব মিঞাই ১৩ হাজাৰ টকা উপঢৌকন লোৱা অৱস্থাতেই অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ এটা অভিযানকাৰী দলে হাতে-লোটে ধৰে।
বৰ্তমানলৈকে উৎকোচ হোৱাৰ কাৰণ জানিব পৰা হোৱা নাই। লাট মণ্ডলজনক দুর্নীতি নিবাৰক শাখাৰ অভিযানকাৰী দলটোৱে বৰ্তমান সোধা-পোছা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।